আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ত ভাৰতীয় দলৰ আজি (২০ ফেব্ৰুৱাৰী) প্ৰথমখন খেল বাংলাদেশৰ বিৰুদ্ধে আছে । এই খেলখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছে । এই খেলখনত ৰোহিত শৰ্মাই ভাৰতীয় দলৰ অধিনায়কত্ব কৰাৰ বিপৰীতে বাংলাদেশী দলৰ কমাণ্ডত আছে নাজমুল হুছেইন শান্তো ।
মেচখনত বাংলাদেশৰ অধিনায়ক নাজমুল হুছেইন শান্তোৱে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । ইফালে এই মেচখনত ভাৰতীয় দলৰ মূল একাদশত কেইটামান পৰিৱৰ্তন কৰা হৈছে । টিম ইণ্ডিয়াৰ মূল একাদশৰ পৰা বাহিৰ হৈছে অৰ্শদীপ সিং আৰু বৰুণ চক্ৰৱৰ্তী । ৰবীন্দ্ৰ জাডেজা মূল একাদশলৈ ঘূৰি আহিছে । আনহাতে ঋষভ পন্ট আকৌ এবাৰ হতাশ হ’ব লগা হৈছে ।
একে সময়তে বিশ্বকাপ ২০২৩ৰ ফাইনেলৰ পাছত একেৰাহে ১১টা টছত পৰাস্ত হৈছে ভাৰত । ২০১১ চনৰ মাৰ্চৰ পৰা ২০১৩ চনৰ আগষ্টৰ ভিতৰত ১১টা টছ পৰাস্ত হোৱা নেদাৰলেণ্ডৰ সৈতে এদিনীয়াত সৰ্বাধিক টছ হেৰুৱাৰ এই যৌথ অভিলেখ আছে ভাৰতৰ ।
খেলখনত ভাৰতৰ প্লেইং-১১ :
ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল, বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৰবীন্দ্ৰ জাডেজা, কুলদীপ যাদৱ, মহম্মদ ছামী, হৰ্ষিত ৰাণা ।
বাংলাদেশৰ মূল একাদশ-
তাঞ্জিদ হাছান, সৌম্য চৰকাৰ, নাজমুল হোছেইন শান্তো (অধিনায়ক), তৌহিদ হৃদয়, মুছফিকুৰ ৰহিম (উইকেটকীপাৰ), জাকাৰ আলী, মেহদি হাছান মিৰাজ, ৰিছাদ হোছেইন, তাস্কিন আহমেদ, তাঞ্জিম হাছান, মুস্তাফিজুৰ ৰহমান ।