প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ ডি গুকেশক সাক্ষাৎ কৰি বিশ্ব দবা চেম্পিয়নশ্বিপৰ খিতাপ জয়ৰ বাবে তেওঁক অভিনন্দন জনায় । এই সময়ছোৱাত গুকেশৰ পিতৃ-মাতৃ উপস্থিত আছিল । উল্লেখ্য যে, চলিত মাহত বিশ্ব দবা চেম্পিয়নশ্বিপৰ চতুৰ্দশ আৰু অন্তিম ৰাউণ্ডত চীনৰ ডিং লিৰেনক পৰাস্ত কৰি খিতাপ দখল কৰিছিল গুকেশে । লিৰেনক পৰাস্ত কৰি তেওঁ বিশ্বৰ আটাইতকৈ কম বয়সীয়া দবা চেম্পিয়ন হয় । ১৮ বছৰ বয়সত তেওঁ সৃষ্টি কৰে এই ইতিহাস ।
গুকেশক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে-
প্ৰধানমন্ত্ৰী বাসগৃহত হোৱা এই সাক্ষাতৰ ছবি শ্বেয়াৰ কৰি মোদীয়ে নিজৰ এক্স হেণ্ডেলত লিখিছে- দবা চেম্পিয়ন আৰু ভাৰতৰ গৌৰৱ ডি গুকেশৰ সৈতে এক সুন্দৰ বাৰ্তালাপত মিলিত হলো । যোৱা কেইবছৰমানৰ পৰা তেওঁৰ সৈতে ঘনিষ্ঠভাৱে মত বিনিময় কৰি আহিছো, আৰু তেওঁৰ বিষয়ে মোক আটাইতকৈ বেছি আপ্লুত কৰা কথাটো হ’ল তেওঁৰ দৃঢ়তা আৰু নিষ্ঠা । তেওঁৰ আত্মবিশ্বাস সঁচাকৈয়ে প্ৰেৰণাদায়ক । আচলতে কেইবছৰমান পূৰ্বে তেওঁৰ এটা ভিডিঅ’ মনত আছে য’ত তেওঁ কৈছিল যে তেওঁ এতিয়ালৈকে সৰ্বকণিষ্ঠ বিশ্ব চেম্পিয়ন হ’ব– যিটো ভৱিষ্যদ্বাণী এতিয়া তেওঁৰ নিজৰ প্ৰচেষ্টাৰ বাবেই সঁচা হৈছে ।
গুকেশৰ পিতৃ-মাতৃকো সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে
এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে গুকেশৰ পিতৃ-মাতৃৰ সৈতেও বাৰ্তালাপ কৰে । তেওঁ কয়-প্ৰতিগৰাকী খেলুৱৈৰ সফলতাত তেওঁলোকৰ পিতৃ-মাতৃয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । প্ৰতিটো কঠিন পৰিস্থিতিত গুকেশক পিতৃ-মাতৃয়ে সহায় কৰাৰ বাবে মই শলাগ লৈছিলো । তেওঁৰ এই সমৰ্পণে ক্ৰীড়াক কেৰিয়াৰ হিচাপে লোৱাৰ সপোন দেখা যুৱ আকাংক্ষীৰ অগণন অভিভাৱকক অনুপ্ৰাণিত কৰিব ।
গুকেশে প্ৰধানমন্ত্ৰীক বিশেষ উপহাৰ দিয়ে-
এই বৈঠকত গুকেশেও প্ৰধানমন্ত্ৰী মোদীক বিশেষ উপহাৰ দিয়ে । তেওঁ প্ৰধানমন্ত্ৰীক দবা বৰ্ড উপহাৰ দিয়ে । প্ৰধানমন্ত্ৰীয়ে আৰু লিখিছে – গুকেশৰ পৰা তেওঁ জয়ী হোৱা খেলখনৰ মূল দবা বৰ্ডখনো পাই সুখী হৈছো । তেওঁ আৰু ডিং লিৰেন দুয়োৰে স্বাক্ষৰিত দবা ফলকখন এক বহুমূলীয়া স্মৃতি ।