প্ৰতিৰক্ষা খণ্ডত ভাৰতে ধাৰাবাহিকভাৱে সফলতা অৰ্জন কৰি আছে । মঙলবাৰে (১২ নৱেম্বৰ) দেশখনে আন এক ডাঙৰ সফলতা লাভ কৰিছে । ভাৰতৰ এই সফলতাই শত্ৰুক বুকুত কঁপনি তুলিবলৈ গৈ আছে ।
মঙলবাৰে ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনে (DRDO) লং ৰেঞ্জ লেণ্ড এটেক ক্ৰুজ মিছাইল (এল আৰ এল এ চি এম)ৰ প্ৰথমটো পৰীক্ষা সম্পন্ন কৰে । ডি আৰ ডি অ’ই ওড়িশাৰ উপকূলৰ চণ্ডীপুৰৰ ইন্টিগ্ৰেটেড টেষ্ট ৰেঞ্জ (আই টি আৰ)ৰ ম’বাইল আৰ্টিকুলেটেড লঞ্চাৰৰ পৰা এই পৰীক্ষা চলাইছিল । পৰীক্ষাৰ সময়ত, সকলো চাব-চিস্টেমে আশা কৰা ধৰণে কাম কৰি থাকে আৰু সিহঁতৰ লক্ষ্য পূৰণ কৰে ।
LRLACM ৰ প্ৰদৰ্শনৰ ওপৰত ডি আৰ ডি অ’ৰ চকু-
লং ৰেঞ্জ লেণ্ড এটেক ক্ৰুজ মিছাইলৰ পৰীক্ষা নিৰীক্ষণ কৰিবলৈ, আই টি এ আৰে মিছাইলৰ উৰণ পথ সম্পূৰ্ণৰূপে আৱৰিবলৈ বিভিন্ন পৰিসৰৰ চেন্সৰ যেনে ৰাডাৰ, ইলেক্ট্ৰ-অপ্টিকেল ট্ৰেকিং চিষ্টেম আৰু টেলিমেট্ৰি স্থাপন কৰিছিল ।
প্ৰতিৰক্ষা মন্ত্ৰীয়ে ডি আৰ ডি অ’ক অভিনন্দন জনায়-
এই ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰি ডি আৰ ডি অ’ই এক বৃহৎ সাফল্য লাভ কৰিছে । এই ক্ষেপণাস্ত্ৰই দীৰ্ঘ দূৰত্বৰ স্থল আক্ৰমণ কৰিবলৈ সম্পূৰ্ণৰূপে সক্ষম । দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই ক্ষেপণাস্ত্ৰৰ সফল প্ৰথম উৰণ পৰীক্ষাৰ বাবে ডি আৰ ডি অ’, সশস্ত্ৰ বাহিনী আৰু উদ্যোগৰ লোকসকলক অভিনন্দন জনাইছে ।