সমগ্ৰ বিশ্বৰ শ্বেয়াৰ বজাৰৰ বাবে মঙলবাৰটো ভাল দিন নাছিল । ড’নাল্ড ট্ৰাম্পৰ এক বক্তব্যৰ বাবেই আমেৰিকা আৰু এছিয়াৰ শ্বেয়াৰ বজাৰত খহনীয়াৰ সৃষ্টি হোৱা বুলি অনুমান কৰা হৈছে । এই বক্তব্যৰ লগে লগে এফালে আমেৰিকাৰ ডাউ ৯০০ পইণ্টৰ বৃহৎ হ্ৰাসৰ লগতে ৪ মাহৰ নিম্নতম স্তৰলৈ নামি আহে, আনহাতে নাছডাক ডেৰ-দুবছৰৰ ভিতৰত আটাইতকৈ বেছি হ্ৰাস পায় ।
নাছডাক ৭২৫ পইণ্ট হ্ৰাস পাই ছমাহৰ নিম্নতম স্তৰত বন্ধ হয় । আনহাতে, GIFT Nifty ২০০ পইণ্ট হ্ৰাস পাই ২২৩০০ আৰু ডাউ ফিউচাৰ ২০০ পইণ্ট হ্ৰাস পায় । তাত জাপানৰ নিকেইৰ ১০০০ পইণ্টৰ ব্যাপক হ্ৰাস দেখা গৈছিল । ইয়াৰ বাহিৰেও ভাৰতীয় শ্বেয়াৰ বজাৰত চেনচেক্স প্ৰায় ৪০০ পইণ্ট আৰু নিফটি প্ৰায় ১০০ পইণ্ট হ্ৰাস পাইছে । এতিয়া জানক ড’নাল্ড ট্ৰাম্পে কি ক’লে যাৰ ফলত সমগ্ৰ বিশ্বৰ শ্বেয়াৰ বজাৰত খহনীয়াৰ সৃষ্টি হয় ।
কি ক’লে ডনাল্ড ট্ৰাম্পে-
দেওবাৰে ফক্স নিউজৰ এক অনুষ্ঠানত ট্ৰাম্পে কয় যে আমেৰিকাৰ অৰ্থনীতি “পৰিৱৰ্তনৰ” মাজেৰে পাৰ হ’ব আৰু মন্দাৱস্থাৰ সম্ভাৱনাও নুই কৰা নাই ।
দৰাচলতে সাক্ষাৎকাৰত এই বছৰ মন্দাৱস্থাৰ আশা কৰিছে নেকি বুলি সোধাত ট্ৰাম্পে উত্তৰ দিছিল, “মই তেনেকুৱা কথাবোৰ ভৱিষ্যদ্বাণী কৰিবলৈ ভাল নাপাওঁ । কিন্তু আমি যি কৰিছো সেয়া বিশাল, গতিকে ই পৰিৱৰ্তনৰ সময় ।”
এই ষ্টকসমূহৰ বৃহৎ হ্ৰাস দেখা গৈছে-
সমগ্ৰ বিশ্বৰ শ্বেয়াৰ বজাৰৰ পতনৰ বাবে চেনছেক্সৰ ৩০ টা ষ্টকৰ ভিতৰত ২১ টা ষ্টক হ্ৰাসৰ সৈতে ব্যৱসায় চলি আছে । আনহাতে ৫০টা নিফটি ষ্টকৰ ভিতৰত ৩৩টা ষ্টকে হ্ৰাসৰ সৈতে ব্যৱসায় কৰিছিল । হ্ৰাস পোৱা ষ্টকসমূহৰ ভিতৰত ইণ্ডাচইণ্ড বেংক ১৫ শতাংশ, ইনফ’ছিছ ৩.১৪ শতাংশ, মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা ৩.০৩ শতাংশ, জোমাটো ২.১৩ শতাংশ, বাজাজ ফিনচাৰ্ভ ১.৬২ শতাংশ, টেক মহিন্দ্ৰাৰ ১.০৭ শতাংশ হ্ৰাস পাইছে ।
লাখ লাখ টকাৰ লোকচান-
ভাৰতীয় শ্বেয়াৰ বজাৰৰ পতনৰ বাবে বিনিয়োগকাৰীয়ে প্ৰায় ৩ লাখ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে । বি এছ ইত তালিকাভুক্ত ষ্টকৰ মাৰ্কেট কেপ ৩৯০.৯১ লাখ কোটি টকালৈ হ্ৰাস পাইছে, যিটো পূৰ্বৰ ব্যৱসায়িক অধিবেশনত ৩৯৩.৮৫ লাখ কোটি টকা আছিল । অৰ্থাৎ আজিৰ ব্যৱসায়ত বিনিয়োগকাৰীয়ে ২.৯৪ লাখ কোটি টকা লোকচানৰ সন্মুখীন হৈছে ।
এইবোৰ কাৰণতে হ্ৰাস পাইছে শ্বেয়াৰ বজাৰ-
মন্দাৱস্থাৰ ভয়ৰ বাহিৰেও আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ অৰ্থনৈতিক নীতিৰ বাবে বিশ্বৰ বজাৰসমূহত অনিশ্চয়তা বৃদ্ধি পাইছে । তেওঁৰ শুল্ক প্ৰস্তাৱে বিনিয়োগকাৰীক চিন্তিত কৰি তুলিছে, যাৰ ফলত শ্বেয়াৰ বজাৰ হ্ৰাস পাইছে । ইয়াৰ বাহিৰেও ভাৰতত বিদেশী প্ৰতিষ্ঠানিক বিনিয়োগকাৰী (এফ আই আই)ৰ ব্যাপক বিক্ৰী হৈছে, যাৰ ফলত বজাৰত হেঁচা পৰিছে ।
২০২৫ চনৰ ফেব্ৰুৱাৰী মাহলৈকে এফ আই আইয়ে প্ৰায় ১.৩৩ লাখ কোটি টকা উলিয়াইছে । একে সময়তে ভাৰতীয় বেংকৰ ত্ৰিমাসিক ফলাফল দুৰ্বল হোৱাৰ সম্ভাৱনাই বজাৰতো নেতিবাচক পৰিৱেশৰ সৃষ্টি কৰিছে । নিফটি ৫০ত বেংকিং খণ্ডৰ যথেষ্ট অৱদান আছে, যাৰ বাবে ইয়াৰ দুৰ্বলতাই সমগ্ৰ বজাৰকে প্ৰভাৱিত কৰিছে । দুৰ্বল বিশ্ব বজাৰৰ বাবে ভাৰতীয় শ্বেয়াৰ বজাৰৰ অৱনতি অব্যাহত আছে ।