প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মাজত ফোনযোগে বাৰ্তালাপ । ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পিছত দুয়োৰে মাজত এয়া প্ৰথম বাৰ্তালাপ । ২০ জানুৱাৰীত শপত গ্ৰহণ কৰাৰ পিছত দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হয় ড’নাল্ড ট্ৰাম্প । সূত্ৰ অনুসৰি দুয়োগৰাকী নেতাই টেলিফোনিক বাৰ্তালাপৰ সময়ত ভাৰত আৰু আমেৰিকাৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰে ।
সামাজিক মাধ্যম এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মোৰ বন্ধু ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে কথা পাতিবলৈ পাই আনন্দিত হলোঁ । তেওঁৰ ঐতিহাসিক দ্বিতীয় কাৰ্যকালৰ বাবে অভিনন্দন জ্ঞাপন কৰিছো । আমি পাৰস্পৰিকভাৱে লাভজনক আৰু বিশ্বাসযোগ্য অংশীদাৰিত্বৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ । তেওঁ কয়, ‘আমি আমাৰ জনসাধাৰণৰ কল্যাণ আৰু বিশ্ব শান্তি, সমৃদ্ধি আৰু নিৰাপত্তাৰ বাবে একেলগে কাম কৰিম ।’
Delighted to speak with my dear friend President @realDonaldTrump @POTUS. Congratulated him on his historic second term. We are committed to a mutually beneficial and trusted partnership. We will work together for the welfare of our people and towards global peace, prosperity,…
— Narendra Modi (@narendramodi) January 27, 2025
শপত গ্ৰহণ অনুষ্ঠানলৈ গৈছিল বৈদেশিক মন্ত্ৰী জয়শংকৰ-
২০ জানুৱাৰীত আমেৰিকা চৰকাৰৰ আমন্ত্ৰণত ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে । ট্ৰাম্পৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চিঠি লৈ গৈছিল । ট্ৰাম্পৰ শপত গ্ৰহণৰ পিছতো টুইট কৰি প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক অভিনন্দন জনাইছিল ।
নিৰ্বাচনত জয়ী হোৱাৰ পিছতে ট্ৰাম্পক ফোন কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে-
ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ কিছু সময়ৰ পাছতে ৭ নৱেম্বৰত ট্ৰাম্পৰ সৈতে কথা পাতিছিল প্ৰধানমন্ত্ৰী মোদীয়ে । কথা-বতৰাৰ সময়ত ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা কৰি তেওঁক ‘চমৎকাৰ ব্যক্তি’ বুলি অভিহিত কৰি কয় যে ‘গোটেই বিশ্বই তেওঁক ভাল পায়’।