ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ বৰ্তমান ব্ৰিটেইন আৰু আয়াৰলেণ্ড ভ্ৰমণত আছে । ইয়াৰ মাজতে তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শেহতীয়া নীতি সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।
জয়শংকৰে কয় যে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নেতৃত্বত আমেৰিকা চৰকাৰখন ভাৰতৰ স্বাৰ্থৰ লগত খাপ খোৱাকৈ বহুমেৰুত্বৰ দিশে আগবাঢ়িছে । দুয়োখন দেশেই দ্বিপাক্ষিক বাণিজ্যিক চুক্তিৰ প্ৰয়োজনীয়তাৰ ওপৰত একমত হৈছে ।
বুধবাৰে সন্ধিয়া লণ্ডনৰ চাথাম হাউছ থিংক টেংকত আয়োজিত ‘ভাৰতৰ উত্থান আৰু বিশ্বৰ ভূমিকা’ শীৰ্ষক এক অনুষ্ঠানত জয়শংকৰক ট্ৰাম্প প্ৰশাসনৰ প্ৰথম সপ্তাহ আৰু পাৰস্পৰিক শুল্ক সন্দৰ্ভত তেওঁৰ মতামত সোধা হয় । এই সন্দৰ্ভত তেওঁ কয় যে আমি এজন ৰাষ্ট্ৰপতি আৰু প্ৰশাসনক দেখিছো যিয়ে বহুমেৰুত্বৰ দিশে আগবাঢ়িছে আৰু এইটো এনেকুৱা এটা কাম যিটো ভাৰতৰ বাবে অনুকূল ।
জয়শংকৰে কয় যে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ দৃষ্টিকোণৰ পৰা কোৱাডত আমাৰ দুয়োখন দেশৰ এক বৃহৎ অংশীদাৰিত্ব আছে । এইটো এটা ভাল মডেল যিয়ে দুয়োটাৰে বাবে কাম কৰে । ভাৰতৰ উপৰিও কোৱাডত আমেৰিকা, অষ্ট্ৰেলিয়া আৰু জাপানকো অন্তৰ্ভুক্ত কৰা হৈছে ।
শুল্ক বিষয়ক লৈ কি কলে জয়শংকৰে ?
জয়শংকৰে কয় যে বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱাল বৰ্তমান ৱাশ্বিংটনত আছে, য’ত তেওঁ দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ বিষয়ে আলোচনা কৰিব পাৰে ।
শুল্ক সম্পৰ্কে আমি অতি বিশদ আলোচনা কৰিছো আৰু দুয়োখন দেশেই দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ প্ৰয়োজনীয়তাৰ ওপৰত একমত হৈছে । একে সময়তে ৰাছিয়া আৰু ইউক্ৰেইন যুদ্ধত ভাৰতৰ ভূমিকা সম্পৰ্কে সোধাত জয়শংকৰে কয় যে ৰাছিয়া আৰু ইউক্ৰেইন উভয়ৰে সৈতে বহু স্তৰত অবিৰতভাৱে কথা পাতি থকা কেইখনমান দেশৰ ভিতৰত আমিও আছো । যেতিয়াই ভাৰতে এই দিশত কিবা এটা কৰিব পাৰে, তেতিয়াই আমি আগবাঢ়ি যাম ।