আই চি চিৰ শেহতীয়া টেষ্ট ৰেংকিঙত পুনৰবাৰ শীৰ্ষ স্থান দখল কৰিলে ভাৰতীয় দলৰ তাৰকা বেগী বলাৰ যশপ্ৰীত বুমৰাহে । শেহতীয়াকৈ পাৰ্থত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা প্ৰথমখন টেষ্ট মেচত বুমৰাহে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই মুঠ ৮টা উইকেট দখল কৰে । তাৰোপৰি বুমৰাহক খেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয় । ৰোহিত শৰ্মাৰ অনুপস্থিতিত বুমৰাহে এই মেচখনৰ অধিনায়কত্ব কৰিছিল আৰু তেওঁৰ নেতৃত্বত দলটোৱে জয় লাভ কৰি পাঁচখনীয়া খেলৰ শৃংখলাটোত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে ।
ৰাবাডাক অতিক্ৰম বুমৰাহৰ-
দক্ষিণ আফ্ৰিকাৰ কাগিছ’ ৰাবাডাক অতিক্ৰম কৰি বুমৰাহে কেলেণ্ডাৰ বছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে টেষ্ট বলাৰৰ ৰেংকিঙত শীৰ্ষস্থান দখল কৰে । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্ট মেচ আৰম্ভ হোৱাৰ পূৰ্বে বুমৰাহ বলাৰ ৰেংকিঙত ৰাবাডা আৰু জছ হেজলউডৰ পিছতে তৃতীয় স্থানত আছিল । প্ৰথমখন টেষ্ট মেচত বলিষ্ঠ প্ৰদৰ্শনৰ সুফল লাভ কৰি বুমৰাহ আকৌ এবাৰ শীৰ্ষত উপনীত হয় । শ্ৰীলংকাৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ ফাষ্ট বলিংত আগবাঢ়ি থকা ৰাবাডা দ্বিতীয় স্থানলৈ অৱনমিত হয় । ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচত ৫টা উইকেট দখল কৰাৰ পাছতো তৃতীয় স্থানত আছে অষ্ট্ৰেলিয়াৰ বেগী বলাৰ জছ হেজলউড ।
যশস্বীও আগবাঢ়িল-
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে ২৯৫ ৰানৰ জয়ত যথেষ্ট অৰিহণা যোগোৱা যশস্বী জয়ছোৱালেও ৰেংকিঙত আগবাঢ়িছে । সফল বেটছমেনৰ ৰেংকিং দুটা স্থান উন্নত হৈ দ্বিতীয় স্থান লাভ কৰিছে তেওঁ । বৰ্তমান ইংলেণ্ডৰ জ ৰুট তেওঁৰ আগত আছে । যশস্বীৰ ৰেটিং পইণ্ট ৮২৫ যিটো তেওঁৰ কেৰিয়াৰৰ সৰ্বোত্তম ৰেটিং । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ দ্বিতীয় ইনিংছত ১৬১ ৰানৰ ইনিংছ খেলিছিল যশস্বীয়ে । অৱশ্যে প্ৰথম ইনিংছত একাউণ্টো খুলিবলৈ সক্ষম হোৱা নাছিল বেটছমেনজন । যশস্বীয়ে প্ৰথম উইকেটৰ বাবে কে এল ৰাহুলৰ সৈতে ২০১ ৰানৰ অংশীদাৰিত্ব গঢ়িছিল । ইয়াৰ সৈতে যশস্বীয়ে অতি উত্তম ফৰ্মত আছে আৰু ২০২৪ চনত ১২খন টেষ্ট মেচত গড়ে ৫৮.১৮ ৰান কৰি ১২৮০ ৰান সংগ্ৰহ কৰিছে । এই সময়ছোৱাত তেওঁ তিনিটা শতক আৰু সাতটা অৰ্ধশতক অৰ্জন কৰিছে ।
কোহলীয়ে আগুৱালে ৯টা স্থান-
একে সময়তে পাৰ্থ টেষ্টত অপৰাজিত শতক অৰ্জন কৰা তাৰকা ভাৰতীয় বেটছমেন বিৰাট কোহলীয়েও ৯টা স্থান আগুৱাই কৰি ত্ৰয়োদশ স্থানত উপনীত হৈছে । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচত দ্বিতীয় ইনিংছত অপৰাজিত ১০০ ৰান সংগ্ৰহ কৰিছিল কোহলীয়ে । ৰেড বল ফৰ্মেটত এইটো আছিল তেওঁৰ ৩০ সংখ্যক শতক । দুৰ্বল ফৰ্মৰ বাবে অষ্ট্ৰেলিয়াৰ মাৰ্নাছ লাবুশ্বানে ১৪ নম্বৰ স্থানলৈ অৱনমিত হৈছে । ষ্টিভ স্মিথ আৰু উছমান খোৱাজাইও ক্ৰমে দুটা আৰু চাৰিটা স্থান হেৰুৱাইছে ।