ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড অথবা বি চি চি আই হৈছে বিশ্বৰ ভিতৰতে ধনী ক্ৰিকেট ব’ৰ্ড, যাৰ সম্পত্তিৰ পৰিমাণ ১৮ হাজাৰ কোটিতকৈও অধিক । ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ আয়ৰ বহু উৎস আছে । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, সংবাদ মাধ্যমৰ অধিকাৰ আৰু টাইটেল স্পনছৰশ্বিপ ইয়াৰ আয়ৰ কিছুমান মূল উৎস । ইয়াত বিশেষকৈ যদি আমি টাইটেল স্পনছৰশ্বিপৰ কথা কওঁ, তেন্তে আমি সকলোৱে যোৱা এবছৰ ধৰি টিম ইণ্ডিয়াৰ জাৰ্চিত ডাঙৰ ডাঙৰ আখৰেৰে লিখা ‘DREAM 11’ দেখি আহিছো । কিন্তু প্ৰশ্ন হয়, জাৰ্চিৰ সন্মুখত নাম লিখাৰ বাবে এটা কোম্পানীয়ে বি চি চি আইক কিমান টকা দিব লাগে ?
ড্ৰিম ১১ (DREAM 11’) হৈছে এটা ফেণ্টাচি স্প’ৰ্টছ ব্ৰেণ্ড, যাৰ নেট ৱৰ্থ কোটি টকা । তেওঁলোকে ৩৫৮ কোটি টকাত টিম ইণ্ডিয়াৰ লিড স্পনছৰশ্বিপ ৰাইট ক্ৰয় কৰিছিল । বি চি চি আইৰ সৈতে ৩৫৮ কোটি টকাৰ এই চুক্তি ২০২৩ চনৰ জুলাইৰ পৰা ২০২৬ চনৰ মাৰ্চলৈকে চলিব । বি চি চি আইয়ে দ্বিপাক্ষিক শৃংখলাত টাইটেল স্পনছৰশ্বিপৰ ভিত্তি মূল্য প্ৰতিখন মেচত ৩ কোটি টকা ৰাখিছিল । পূৰ্বে ভাৰতীয় দলৰ জাৰ্চিত এটা এডুকেচন ব্ৰেণ্ড (Byju’s) লিখা আছিল, য’ত প্ৰতিখন মেচত ৫.৫ কোটি টকাৰ ধন দিয়া হৈছিল । এতিয়া ভাৰতৰ পুৰুষ, মহিলা আৰু ১৯ বছৰ অনুৰ্ধ পৰ্যায়ৰ দলৰ জাৰ্চিত ডাঙৰ ডাঙৰ ইংৰাজী আখৰেৰে লিখা দেখা গৈছে ‘DREAM11’ ।
সংবাদ মাধ্যমৰ অধিকাৰ এতিয়া কাৰ ?
ভাৰতত ভাৰতীয় ক্ৰিকেট দল আৰু ক্ৰিকেটৰ জনপ্ৰিয়তা বিবেচনা কৰিলে সংবাদ মাধ্যমৰ অধিকাৰো প্ৰতিবাৰেই হাজাৰ কোটি টকাত বিক্ৰী হৈছে । টিম ইণ্ডিয়াৰ বৰ্তমানৰ সংবাদ মাধ্যমৰ অধিকাৰ ভায়াকম নেটৱৰ্কৰ হাতত আছে, যিয়ে ২০২৩ চনৰ ছেপ্টেম্বৰৰ পৰা ২০২৮ চনৰ মাৰ্চলৈকে ভাৰতৰ মেচ সম্প্ৰচাৰৰ বাবে ৫,৯৬৩ কোটি টকাৰ ধন দিছে ।