উত্তৰ প্ৰদেশৰ বৰেলীত এজন তান্ত্ৰিকৰ ঘৰত উদ্ধাৰ হ’ল বস্তাই বস্তাই টকা। কেৱল নগদ ধনেই নহয়, তেওঁৰ বাসগৃহৰ পৰা উদ্ধাৰ হ’ল সোণ আৰু ৰূপৰ অলংকাৰো। জানিব পৰা মতে সম্বলৰ বাসিন্দা চয়দ আথাৰ মিয়ানে গুৰচাউলী গাঁৱৰ এটা ভাড়াঘৰত বাস কৰিছিল। তেওঁ তান্ত্ৰিক আছিল। কিন্তু শনিবাৰে মিয়ানৰ স্বাস্থ্য হঠাৎ অৱনতি ঘটিছিল।তাৰ পিছত মিয়ানক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।মিয়ানক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত, মিয়ানৰ সোণ আৰু ৰূপক লৈ তেওঁৰ সৈতে বাস কৰা মহিলা আৰু ঘৰৰ মালিকৰ মাজত কাজিয়া সৃষ্টি হৈছিল।ইয়াৰ পিছত,ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়। কিন্তু মহিলা দুগৰাকীৰ হাতত ৫০০ টকীয়া নোটেৰে ভৰ্তি এটা বস্তা আৰু সোণ আৰু ৰূপৰ গহনা দেখি আচৰিত হয় আৰক্ষী। পিছত আৰক্ষীয়ে চয়দ আথাৰ মিয়ানৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই ২৫ লাখ নগদ ধন সহ সোণ আৰু ৰূপৰ আ-অলংকাৰ জব্দ কৰিছে।
