হলিউডৰ বাবে, লছ এঞ্জেলছ সমগ্ৰ বিশ্বৰ বাবে পৰিচিত।৩৫ কিমি আৰু ৩২১,০০০ একৰত বিস্তৃত, চহৰখনৰ জনসংখ্যা ৩.৮ নিযুত।এই চহৰখন যাৰ উজ্জ্বলতাই গোটেই পৃথিৱীখনক চমৎকাৰ কৰি তোলে।
ডাঙৰ তাৰকা ,কোটিপতি আৰু বিলিয়নেয়াৰৰ বিলাসী আৰু ব্যয়বহুল ঘৰবোৰ এই চহৰখনত আছে। একেখন চহৰৰ দ্বিতীয় খন ছবিয়ে যোৱা এসপ্তাহ ধৰি গোটেই পৃথিৱীৱে প্ৰত্যক্ষ কৰি আছে।
ইয়াৰ চলচ্চিত্ৰৰ দ্বাৰা পৰ্দাত জুই লগোৱা হলিউড আজি জুইৰ কবলত পৰিছে। মাত্ৰ ৭ দিনত লছ এঞ্জেলছৰ ৩,২১,০০০ একৰ মাটি তৎক্ষণাৎ ৪০,০০০ একৰ মাটি ধ্বংস হোৱা দেখিবলৈ পোৱা গৈছে।
এই জুইৰ বাবে ডাঙৰ তাৰকাসকল গৃহহীন হৈ পৰিছিল।হাজাৰ হাজাৰ ঘৰ জ্বলি গৈছিল।১০ দিনৰ ভিতৰত এই অগ্নিকাণ্ডত প্ৰায় ২৫০ বিলিয়ন আমেৰিকান ডলাৰ অৰ্থাৎ ২০ লাখ কোটি টকাৰ সম্পত্তি ধ্বংস হৈছে।
এই পৰিমাণটো ৩ বছৰৰ ভাৰতীয় প্ৰতিৰক্ষা বাজেটতকৈ বহু বেছি। লছ এঞ্জেলছে যোৱা ১০ দিন ধৰি জুই জ্বলি আছে। ধবংসস্তুপত পৰিণত হৈছে কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছ।
যুদ্ধ বিধবস্ত গাজাত সৃষ্টি হোৱা পৰিবেশৰ অন্তৰালত আছিল মানুহে সৃষ্টি কৰা যুদ্ধ আৰু কেলিফৰ্ণিয়াৰ পৰিবেশৰ অন্তৰালত আছে প্ৰকৃতি। ১ লাখ ৭০ হাজাৰতকৈও অধিক লোকে এৰিবলগীয়া হৈছে ঘৰ-দুৱাৰ।
এই জুইৰ ফলত ২৭ গৰাকীকৈ লোকৰ মৃত্যু হৈছে। বতাহ কমিছে যদিও বৰ্তমানেও নিৰ্বাপিত হোৱা নাই বনজুই। যুদ্ধ-বিধবস্ত কোনো এক অঞ্চলৰ দৰে পৰিবেশৰ সৃষ্টি হৈছে কেলিফৰ্ণিয়াত