আই পি এল ২০২৫ৰ ১৪ সংখ্যক মেচত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) ৮ উইকেটত শোচনীয় পৰাজয়ৰ সন্মুখীন হয় । গুজৰাট টাইটানছে (জি টি) ১৮ অভাৰত আৰ চি বিয়ে বান্ধি দিয়া ১৭০ ৰানৰ লক্ষ্যত উপনীত হয় । এই ছিজনৰ প্ৰথমখন মেচ ঘৰুৱা খেলপথাৰত খেলিছিল আৰ চি বিয়ে । য’ত দলটো পৰাজয়ৰ সন্মুখীন হ’বলগা হয় । গুজৰাটে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰিবলৈ সিদ্ধান্ত লৈছিল । প্ৰথমে বেটিং কৰি আৰ চি বিয়ে ৮ উইকেট হেৰুৱাই ১৬৯ ৰান সংগ্ৰহ কৰে ।
১৭০ ৰানৰ লক্ষ্য অনুসৰণ কৰি গুজৰাটে মাত্ৰ ১৭.৫ অভাৰতে বিজয় সাব্যস্ত কৰে । কোনো পৰিৱৰ্তন নোহোৱাকৈ খেলপথাৰত নামিছিল আৰ চি বি । আনহাতে গুজৰাটৰ মূল একাদশত পৰিৱৰ্তন কৰা হৈছিল । কাগিছো ৰাবাদাৰ স্থানত আৰ্ছাদ খানক স্থান দিয়া হয় ।
আৰ চি বিৰ বেটিং-
প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লোৱা আৰ চি বিৰ আৰম্ভণি শোচনীয় আছিল । দ্বিতীয় অভাৰতে আৰ চি বিয়ে তাৰকা বেটছমেন বিৰাট কোহলীৰ ৰূপত প্ৰথমটো আঘাত লাভ কৰে । মাত্ৰ ৭ ৰান সংগ্ৰহ কৰি আৰ্ছাদ খানৰ চিকাৰ হয় কোহলী । ইয়াৰ পিছত তৃতীয় অভাৰত দেৱদত্ত পাদ্দিকালক ছিৰাজে পেভিলিয়নৰ বাট দেখুৱাই । তাৰ পাছত পঞ্চম অভাৰত ছিৰাজে বিপজ্জনক বেটছমেন ফিল ছল্টক আউট কৰে । সপ্তম অভাৰত ঈশন্তে অধিনায়ক ৰজত পাটিদাৰক আউট কৰি বেংগালুৰুৰ বেটিং মেৰুদণ্ড ভাঙি দিয়ে ।
ইয়াৰ পিছত জিতেশ শৰ্মাই দলক আগুৱাই নিয়াৰ দায়িত্ব গ্ৰহণ কৰি ৩৩ ৰানৰ ইনিংছ খেলে । কিন্তু তেওঁ ১৩ নং অভাৰত পেভিলিয়নমুখী হয় । কিন্তু ইয়াৰ পিছত লিভিংষ্টনে ধুমুহাময় ইনিংছ খেলি অৰ্ধশতক অৰ্জন কৰে । একে সময়তে টিম ডেভিদেও উজ্জ্বল বেটিং কৰে । ইয়াৰ ভিত্তিত আৰ চি বিয়ে ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৬৯ ৰান সংগ্ৰহ কৰে ।
গুজৰাটৰ বেটিং-
১৭০ ৰানৰ লক্ষ্য অনুসৰণ কৰি গুজৰাটে শক্তিশালী আৰম্ভণি কৰে । গীল আৰু ছাই সুদৰ্শনে সুদৃঢ় আৰম্ভণি কৰে । অৱশ্যে ১৪ ৰান সংগ্ৰহ কৰি আউট হয় গীল। কিন্তু ইয়াৰ পিছত ছাই সুদৰ্শন আৰু জোছ বাটলাৰে দায়িত্ব লৈ দলৰ জয়ৰ ভেটি স্থাপন কৰে । ৪৯ ৰান সংগ্ৰহ কৰি ছাই সুদৰ্শন আউট হয় যদিও তেওঁ মেছখন গুজৰাটৰ হাতলৈ যোৱাত সহায় ৰে । ইয়াৰ পিছত বাটলাৰে এক দৰ্শনীয় ইনিংছ খেলে । বাটলাৰে ৭৩ ৰানৰ অপৰাজিত ইনিংছ খেলে আৰু গুজৰাটে ১৮ নং অভাৰত খেলখন জয় কৰে ।