পৰাজয়ৰ পিছতেই বিপদ; চলন্ত অৱস্থাতে জ্বলি উঠিল গুজৰাট টাইটানছৰ বাছ

আই পি এল ২০২৬ চনৰ ফাইনেলত পৰাজয়ৰ পিছত গুজৰাট টাইটানছৰ দলটোৱে এক বৃহৎ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে। খেলুৱৈ সকল উভতি অহাৰ সময়তে জ্বলি উঠিল বাছখন।

৩১ মে’ৰ তাৰিখটো শুভমন গিলৰ নেতৃত্বাধীন গুজৰাট টাইটানছৰ বাবে এটা দুঃস্বপ্ন বুলি প্ৰমাণিত হ’ল। প্ৰথমে দলটোৱে ফাইনেলত এক শোচনীয় পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়, তাৰ পিছতে দলটোৰ সৈতে আন এক ডাঙৰ অনাহুত ঘটনা ঘটিল। পৰাস্ত হোৱাৰ পিছত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামৰ পৰা নিজৰ হোটেললৈ উভতি অহাৰ সময়তে হঠাৎ জ্বলি উঠিল গুজৰাট দলৰ বাছখন,যাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। খবৰ অনুসৰি, গুজৰাটৰ দলটোৱে ৰাষ্ট্ৰীয় পথতে অন্ততঃ এঘণ্টা ধৰি আবদ্ধ হৈ থাকিবলগীয়া হয়। অৱশ্যে আটাইকেইজন খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীক সুৰক্ষিতভাৱে উলিয়াই অনা হয়।

জানিব পৰা মতে শ্বৰ্ট চাৰ্কিটৰ বাবেই বাছখনত বিজুতি ঘটি জুই লাগিছিল। ততাতৈয়াকৈ সকলোকে লৰালৰিকৈ বাহিৰলৈ উলিয়াই অনা হয়। কেৱল এই ৰাতিটোৱেই টাইটানছ দলটোৰ বাবে চিন্তাজনক নাছিল, বৰঞ্চ যোৱা কেইটামান দিনৰ পৰাই দলটোৰ ভাগ্য সুপ্ৰসন্ন নাছিল। খিতাপৰ যুঁজখনৰ পূৰ্বে তেওঁলোক সময়মতে আহমেদাবাদত উপস্থিত হ’ব পৰা নাছিল। উত্তৰ-পশ্চিম ভাৰতৰ বেয়া বতৰৰ বাবে গুজৰাটৰ চাৰ্টাৰ্ড ফ্লাইটখন প্ৰায় তিনি ঘণ্টা পলম হয় আৰু দলটোৱে শনিবাৰে গভীৰ নিশা আহমেদাবাদত উপস্থিত হয়।

ফাইনেলত আৰচিবী (RCB)ৰ হাতত ৫ উইকেটত পৰাজিত হোৱাৰ পিছত শুভমন গfলে দলটোক প্ৰশংসাৰে উপচাই পেলায়। তেওঁ কয়, “আমি বিজয়ৰ সীমা অতিক্ৰম কৰিব নোৱাৰিলোঁ, কিন্তু সদায় এনে কিছুমান কথা থাকে য’ত উন্নতিৰ থল থাকে। আনকি আমি ট্ৰফী জয় কৰা হ’লেও এটা দল হিচাপে আমাৰ এটাই অনুভৱ হ’লহেঁতেন যে এতিয়াও এনে কিছুমান কথা আছে যাৰ ওপৰত আমি কাম কৰাৰ প্ৰয়োজন আছিল।”

লগতে পঢ়ক: দ্বিতীয়বাৰৰ বাবে আৰ চি বিৰ শিৰত আই পি এলৰ ট্ৰফী ; গুজৰাট টাইটানছৰ স্বপ্নভংগ

আজি আই পি এলৰ ফাইনেলঃ চেম্পিয়ন দলৰ ওপৰত হ’ব টকাৰ বৰষুণ, কিমান পাব ৰানাৰ্ছ আপ দলে ?

ণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ বহু প্ৰত্যাশিত মেগা ফাইনেলত আজি মুখামুখি হ’ব ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু গুজৰাট টাইটানছ

ক্ৰিকেট প্ৰেমীৰ বাবে আজি আটাইতকৈ ডাঙৰ দিন । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL 2026)ৰ বহু প্ৰত্যাশিত মেগা ফাইনেলত আজি মুখামুখি হ’ব ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (RCB) আৰু গুজৰাট টাইটানছ (GT) । আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই হাই-ভল্টেজ মেচখনক লৈ এতিয়া উত্তেজনাই চৰম সীমা স্পৰ্শ কৰিছে । দুয়োটা দলেই আজি নিজৰ দ্বিতীয়টো খিতাপ দখলৰ লক্ষ্যৰে খেলপথাৰত নামিব, য’ত স্বাভাৱিকতে যিকোনো এটা দলৰ খিতাপ অৰ্জনৰ সপোন ভংগ হ’ব ।

ট্ৰফীৰ যুঁজ : গীল বনাম পাটিদাৰ-

গুজৰাট টাইটানছৰ অধিনায়ক শুভমন গীলে আজি অধিনায়ক হিচাপে নিজৰ প্ৰথমটো আই পি এল ট্ৰফী জয় কৰিবলৈ মৰণপণ যুঁজ দিব । উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০২২ চনত হাৰ্দিক পাণ্ডিয়াৰ অধিনায়কত্বত GT-য়ে প্ৰথমবাৰৰ বাবে খিতাপ অৰ্জন কৰিছিল । আনহাতে, ৰজত পাটিদাৰৰ সফল নেতৃত্বত RCB-য়ে যোৱা বছৰ (২০২৫) নিজৰ ইতিহাসৰ প্ৰথমটো আই পি এল ট্ৰফী জিকিবলৈ সক্ষম হৈছিল । ডিফেণ্ডিং চেম্পিয়ন বেংগালুৰুৱে একেৰাহে দ্বিতীয়বাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰি খিতাপ ধৰি ৰখাৰ বাবে সম্পূৰ্ণ প্ৰস্তুত হৈ উঠিছে ।

দলীয় কম্বিনেশ্যন আৰু সম্ভাৱ্য মূল একাদশ-

RCB শিবিৰত তাৰকা বেটছমেন ফিল ছল্টৰ খেলাক লৈ কিছু সংশয় থকা বুলি খবৰ ওলাইছে যদিও দলটোৱে নিজৰ ‘ৱিনিং কম্বিনেশ্যন’ত বিশেষ সালসলনি কৰাৰ সম্ভাৱনা কম । বিৰাট কোহলীৰ সৈতে এই মেচত ভেংকটেশ আয়াৰে ইনিংছ মুকলি কৰাটো প্ৰায় নিশ্চিত, যিয়ে বিগত মেচসমূহত দলক এক আক্ৰমণাত্মক আৰু বিস্ফোৰক আৰম্ভণি উপহাৰ দিছে । ইফালে, গুজৰাট টাইটান্সৰো ‘প্লেয়িং ১১’ প্ৰায় অপৰিৱৰ্তিত থকাৰে সম্ভাৱনা অধিক ।

কাৰ জোলোঙাত পৰিব কিমান কোটি ? জানক পুৰস্কাৰৰ ধন-

২০০৮ চনৰ প্ৰথমটো সংস্কৰণৰ তুলনাত বৰ্তমান IPL ৰ পুৰস্কাৰৰ ধন কেইবাগুণো বৃদ্ধি পাইছে । প্ৰথম ছিজনত চেম্পিয়ন ৰাজস্থান ৰয়েলছে ৪.৮ কোটি টকা লাভ কৰিছিল, কিন্তু আজিৰ তাৰিখত এই ধনৰ পৰিমাণ ৫ গুণতকৈও অধিক হৈছে ।

বিজয়ী দল: আজিৰ মেচত খিতাপ অৰ্জন কৰা চেম্পিয়ন দলটোৱে লাভ কৰিব নগদ ২০ কোটি টকা ।

ৰানাৰ্ছ-আপ : ফাইনেলত পৰাজিত হোৱা দলটোও উদং হাতেৰে ঘৰলৈ উভতিব নালাগে । ৰানাৰ্ছ-আপ দলে লাভ কৰিব ১৩ কোটি টকা ।

ৰাজস্থান ৰয়েলছ : কোৱালিফায়াৰ-২ লৈকে যাত্ৰা কৰা এই দলটোৱে পাব ৭ কোটি টকা ।

ছানৰাইজাৰ্ছ হায়দৰাবাদ : এলিমিনেটৰ মেচত পৰাজিত হৈ বিদায় লোৱা হায়দৰাবাদে পাব ৬.৫ কোটি টকা ।

উল্লেখ্য যে, আজি নিশা ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব আই পি এল ২০২৬ৰ বহু প্ৰত্যাশিত ফাইনেল মেচখন । নিশা ৭ বজাত মেচৰ টছ অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক : আই পি এল ফাইনেলত গীল-পাটিদাৰৰ অগ্নিপৰীক্ষা : ভাৰতীয় টি-২০ দলত স্থান পোৱাৰ সোণালী সুযোগ!

আজি আই পি এল ২০২৬ৰ ফাইনেলৰ মহাৰণঃ খিতাপৰ বাবে ‘কিং’ কোহলী বনাম ‘প্ৰিন্স’ গীলৰ যুঁজ

আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ ৰ সেই বহুল প্ৰত্যাশিত মেগা ফাইনেল

ক্ৰিকেট প্ৰেমীৰ উৎকণ্ঠাৰ অন্ত পেলাই আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL) ২০২৬ ৰ সেই বহুল প্ৰত্যাশিত মেগা ফাইনেল । ট্ৰফী জয়ৰ অন্তিম যুঁজত আজি মুখামুখি হ’ব এই ছিজনৰ আটাইতকৈ শক্তিশালী দুটা দল- ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (RCB) আৰু গুজৰাট টাইটানছ (GT) । সমগ্ৰ ছিজনত ধামাকাদাৰ প্ৰদৰ্শন কৰা দুয়োটা দলেই এতিয়া খিতাপ জয়ৰ পৰা মাত্ৰ এখোজ দূৰত থিয় হৈছে ।

ফাইনেলৰ পথ আৰু ইতিহাস-

কোৱালিফায়াৰ-১ ত গুজৰাট টাইটানছক পৰাস্ত কৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে পোনপটীয়াকৈ ফাইনেলত স্থান সুৰক্ষিত কৰিছিল । সেই মেচখনত আৰচিবিৰ অধিনায়ক ৰজত পাটিদাৰে মাত্ৰ ৩৩ টা বলত ৯৩ ৰানৰ এক বিধ্বংসী ইনিংছ খেলিছিল । আনহাতে, গুজৰাট টাইটানছে কোৱালিফায়াৰ-২ ত ৰাজস্থান ৰয়েলছক ধূলিসাৎ কৰি ফাইনেলৰ টিকট কাটিবলৈ সক্ষম হয় । ৰাজস্থানৰ বিৰুদ্ধে খেলা সেই গুৰুত্বপূৰ্ণ মেচখনত গুজৰাটৰ অধিনায়ক শুভমন গীলে ১৫ টা চাৰি আৰু ৩ টা ছয়েৰে এক দৰ্শনীয় শতক অৰ্জন কৰিছিল ।

মন কৰিবলগীয়া যে, আৰচিবিয়ে এতিয়ালৈকে পঞ্চমবাৰৰ বাবে আইপিএলৰ ফাইনেলত প্ৰৱেশ কৰিছে । ৰজত পাটিদাৰৰ অধিনায়কত্বতে দলটোৱে যোৱা ২০২৫ চনত নিজৰ প্ৰথমটো আইপিএল খিতাপ অৰ্জন কৰিছিল । আনহাতে, গুজৰাট টাইটানছে আই পি এল ইতিহাসত তৃতীয়বাৰৰ বাবে ফাইনেল খেলিব । ইয়াৰ পূৰ্বে ২০২২ চনত নিজৰ প্ৰথমটো আত্মপ্ৰকাশৰ ছিজনতে গুজৰাটে ট্ৰফী লাভ কৰি চমক সৃষ্টি কৰিছিল ।

ঘৰুৱা খেলপথাৰৰ সুবিধা আৰু পৰিসংখ্যা-

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটানছৰ ৰেকৰ্ড অতি সুন্দৰ । এই ছিজনত গুজৰাটে নিজৰ ঘৰুৱা খেলপথাৰত খেলা ৭ খন মেচৰ ভিতৰত ৫ খনতে জয়লাভ কৰিছে । গতিকে ঘৰুৱা দৰ্শকৰ সমৰ্থনেৰে গুজৰাটে আৰচিবিক তীব্ৰ প্ৰত্যাহ্বান জনাব । অৱশ্যে, এই ছিজনত যেতিয়াই এই দুয়োটা দল মুখামুখি হৈছিল, দুয়োবাৰেই আৰচিবিয়ে বাজি মাৰিছিল ।

দুয়োটা দলৰ শক্তি আৰু খেলুৱৈৰ ফৰ্ম-

গুজৰাট টাইটানছৰ দুয়োগৰাকী অপেনিং বেটছমেন বৰ্তমান সুন্দৰ ফৰ্মত আছে । অধিনায়ক শুভমন গীলে এই আইপিএল ছিজনৰ ১৫ খন মেচত ১৬৩.৭১ ষ্ট্ৰাইক ৰেটেৰে ৭২২ ৰান সংগ্ৰহ কৰিছে । আনহাতে, চাই সুদৰ্শনে ১৬ খন মেচত ১৫৯.৫৫ ষ্ট্ৰাইক ৰেটেৰে ৭১০ ৰান সংগ্ৰহ কৰি তেওঁক যোগ্য সংগ দিছে । গুজৰাটৰ বলিং বিভাগৰ কথা ক’বলৈ গ’লে কগিছো ৰাবাডাই ১৬ খন মেচত ২৮ টা উইকেট লৈ পাৰ্পল কেপৰ দৌৰত আটাইতকৈ আগত আছে ।

আনহাতে, আৰচিবিৰ ৰান মেচিন বিৰাট কোহলীৰ বাবেও এই আইপিএল ছিজনটো অতি ধামাকাদাৰ আছিল । তেওঁ ১৫ খন মেচত ১৬৪.৩৮ ষ্ট্ৰাইক ৰেটেৰে ৬০০ ৰান সংগ্ৰহ কৰিছে, য’ত এটা শতকো অন্তৰ্ভুক্ত আছে । অনুৰাগীসকলে পুনৰ এবাৰ কিং কোহলীৰ বেটৰ যাদু চাবলৈ আৰু তেওঁক আইপিএল ট্ৰফী হাতত তুলি লোৱা দেখিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে । আৰচিবিৰ বলিং বিভাগত ভুৱনেশ্বৰ কুমাৰে এই ছিজনত উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াই ১৫ খন মেচত ২৬ টা উইকেট দখল কৰি থৈছে ।

লগতে পঢ়ক : ২০০৮ৰ পৰা ২০২৫ চনলৈঃ কোন বৰ্ষত কোনটো দলে জিনিছিল আই পি এল খিতাপ ?

ৰোমাঞ্চকৰ মেচত গুজৰাটৰ বিৰুদ্ধে ৬ ৰানত জয় ৰাজস্থান ৰয়েলছৰ

গুজৰাট টাইটানছৰ বিুৰুদ্ধে ৬ ৰানত জয়লাভ কৰিছে ৰাজস্থান ৰয়েলছে

আই পি এল) ২০২৬ৰ শনিবাৰে অনুষ্ঠিত হোৱা এখন ৰোমাঞ্চকৰ মেচত গুজৰাট টাইটানছৰ বিুৰুদ্ধে ৬ ৰানত জয়লাভ কৰিছে ৰাজস্থান ৰয়েলছে । আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল মেচখন । জয়ী হ’বলৈ ২১১ ৰানৰ প্ৰয়োজন হোৱা গুজৰাট টাইটানছে ৮ উইকেটত মাত্ৰ ২০৪ ৰানহে কৰিবলৈ সক্ষম হয় ।

মেচখন শেষ অভাৰলৈ চলিছিল আৰু যথেষ্ট ৰোমাঞ্চকৰ আছিল । অন্তিম অভাৰত জয়ী হ’বলৈ গুজৰাট টাইটানছক প্ৰয়োজন হৈছিল ১১ ৰানৰ । অৱশ্যে সেই অভাৰত বেগী বলাৰ তুষাৰ দেশপাণ্ডেয়ে শক্তিশালী বলিঙৰে মাত্ৰ ৪ ৰানহে দিছিল আৰু লগতে অধিনায়ক ৰছিদ খানৰ উইকেট দখল কৰিছিল । ক্ৰীজত ৰছিদ খান আৰু কাগিছ’ ৰাবাদা স্থিৰ হৈ আছিল যদিও তুষাৰে অন্তিম অভাৰত দুয়োকে সম্পূৰ্ণৰূপে বান্ধি ৰাখে ।

চলিত ছিজনত এয়া আছিল ৰাজস্থান ৰয়েলছৰ ধাৰাবাহিক দ্বিতীয়টো জয় । ইফালে চলিত ছিজনৰ একেৰাহে দ্বিতীয়খন মেচত পৰাস্ত হৈছে গুজৰাট টাইটানছ । গুজৰাট টাইটানছৰ ছিজনৰ আৰম্ভণি বেয়া, প্ৰথমখন মেচত পঞ্জাব কিংছৰ হাতত তিনিটা উইকেটত পৰাস্ত হৈছিল দলটো । ইফালে ৰাজস্থান ৰয়েলছে ৫ বাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছক প্ৰথমখন খেলত ৮ উইকেটত পৰাস্ত কৰে ।

গুজৰাটৰ ইনিংছ-

গুজৰাট টাইটানছৰ লক্ষ্য অনুসৰণ কৰি এক সুন্দৰ আৰম্ভণি কৰে । কুমাৰ কুশগ্ৰা আৰু সাই সুদৰ্শনে প্ৰথম উইকেটত ৭৮ ৰান সংযোজন কৰে । কুশগ্ৰাই ১৮ ৰান সংগ্ৰহ কৰে । ৰাজস্থানৰ অধিনায়ক ৰিয়ান পৰাগে কুশগ্ৰাৰ উইকেট দখল কৰে । তাৰ পিছত সুদৰ্শনৰ ৰূপত গুজৰাট টাইটানছ আঘাতৰ সন্মুখীন হয় । সুদৰ্শনে ৪৪টা বলৰ মুখামুখি হৈ ৯টা চাৰি আৰু তিনিটা ছয়কে ধৰি ৭৩ ৰান সংগ্ৰহ কৰে । সুদৰ্শনক আউট কৰে স্পীনাৰ ৰবি বিষ্ণোই, যিয়ে ইমপেক্ট চাব হিচাপে খেলিছিল ।

ইয়াৰ পাছতে ৰবি বিষ্ণোইয়ে গ্লেন ফিলিপছ (৩ ৰান) আৰু ৱাশ্বিংটন সুন্দৰক (৪ ৰান) আউট কৰে । ভাল বেটিং কৰি থকা জোছ বাটলাৰে (২৬ ৰান) নন্দ্ৰে বাৰ্গাৰৰ হাততো উইকেট হেৰুৱাই গুজৰাট টাইটানছক বিপদত পেলায় । ইয়াৰ পিছতে ৰবি বিষ্ণইয়ে মাত্ৰ ১২ ৰানতে ৰাহুল তেৱতিয়াক আউট কৰে । শ্বাহৰুখ খানে ১১ ৰান সংগ্ৰহ কৰি ৰান আউট হয় । ইয়াৰ পিছতে কাগিছ’ ৰাবাদা (২৩ ৰান নট আউট) আৰু ৰছিদ খানে (২৪ ৰান) খেলখন ৰোমাঞ্চকৰ কৰি তুলিছিল ।

ৰাজস্থান ৰয়েলছৰ ইনিংছ-

ৰাজস্থান ৰয়েলছে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লয় আৰু ৬ উইকেটত ২১০ ৰান সংগ্ৰহ কৰে । ৰাজস্থান ৰয়েলছে শক্তিশালী আৰম্ভণি কৰে । বৈভৱ সূৰ্যবংশী আৰু যশস্বী জয়ছোৱালে ৭০ ৰানৰ অংশীদাৰিত্ব গঢ়ে । বৈভৱ সূৰ্যবংশীয়ে ১৮টা বলত ৩১ ৰান সংগ্ৰহ কৰে । অধিনায়ক ৰছিদ খানৰ বলত বৈভৱৰ উইকেটৰ পতন ঘটে । বৈভৱ আউট হোৱাৰ পাছত ধ্ৰুৱ জুৰেলৰ সৈতে যশস্বীয়ে দ্বিতীয় উইকেটত ৫৬ ৰান সংযোজন কৰে ।

যশস্বী জয়ছোৱালে ৩৬টা বলত ৫৫ ৰান সংগ্ৰহ কৰে । তেওঁক কাগিছ’ ৰাবাডাই এক চমৎকাৰ ডেলিভাৰীৰে ক্লীন বল্ড কৰে । অধিনায়ক ৰিয়ান পৰাগ (৮ ৰান), শ্বিমৰন হেটমায়াৰ (১৮ ৰান) আৰু ড’নভান ফেৰেইৰাই (১ ৰান) বিশেষ প্ৰভাৱ পেলোৱাত ব্যৰ্থ হয় ।

উইকেট পতনৰ মাজতে ক্ৰীজত থাকি ধ্ৰুৱ জুৰেলে উজ্জ্বল ইনিংছ খেলে । জুৰেলে ৪২টা বলত ৭৫ ৰান সংগ্ৰহ কৰে । গুজৰাট টাইটানছৰ হৈ কাগিছ’ ৰাবাদাই সৰ্বাধিক দুটা উইকেট দখল কৰে । ৰছিদ খান, প্ৰসিদ্ধ কৃষ্ণ, অশোক শৰ্মা আৰু মহম্মদ চিৰাজে এটাকৈ উইকেট দখল কৰে ।

এই মেচত গুজৰাট টাইটানছৰ অধিনায়কত্ব কৰিছিল ৰছিদ খানে । আঘাতৰ বাবে নিয়মীয়া অধিনায়ক শুভমন গীলে এই মেচত অংশ লোৱা নাছিল ।

লগতে পঢ়ক : ধুৰন্ধৰ মুডত সূৰ্যকুমাৰ যাদৱ; অক্ষয় খান্নাৰ জনপ্ৰিয় গীতত আইকনিক ষ্টেপ

হায়দৰাবাদক পৰাস্ত কৰি পইণ্ট টেবুলত অগ্ৰগতি গুজৰাটৰ… মহম্মদ ছিৰাজৰ দুৰ্দান্ত প্ৰদৰ্শন

দেওবাৰে অনুষ্ঠিত হোৱা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ এখন মেচত গুজৰাট টাইটানছে (জি টি) ছানৰাইজাৰ্ছ হায়দৰাবাদক ৭ উইকেটত পৰাস্ত কৰে । এই জয়ৰ পিছত গুজৰাট টাইটানছে পইণ্ট টেবুলত ডাঙৰ জাঁপ দিছে । একে সময়তে পইণ্ট তালিকাৰ তলত আছে হায়দৰাবাদ দল ।

গুজৰাটে এই ছিজনত এতিয়ালৈকে ৪ খন মেচ খেলিছে । ইয়াৰে ৩খন মেচত জয়ী হৈছে দলটো । ৬ পইণ্টেৰে দ্বিতীয় স্থানত আছে গুজৰাট । প্ৰথম নম্বৰত আছে দিল্লী কেপিটেলছ দল, যিয়ে ৩খন মেচৰ আটাইকেইখনতে জয়লাভ কৰিছে । একে সময়তে ছানৰাইজাৰ্ছ হায়দৰাবাদে এই ছিজনৰ আৰম্ভণি কৰিছিল এক বিস্ফোৰক জয়েৰে । কিন্তু তাৰ পিছত একেৰাহে চাৰিখন মেচত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে দলটো । ২ পইণ্টেৰে একেবাৰে অন্তিম স্থানত আছে হায়দৰাবাদ ।

ছিৰাজৰ বিস্ফোৰক প্ৰদৰ্শন-

মহম্মদ ছিৰাজে এই মেচত শক্তিশালী বলিং কৰে । ৪ অভাৰত মাত্ৰ ১৭ ৰান খৰচ কৰি ৪টা উইকেট দখল কৰে মহম্মদ ছিৰাজে । অভিষেক শৰ্মা, ট্ৰেভিছ হেড, অনিকেত বাৰ্মা আৰু ছিমৰজীত সিঙক পেভিলিয়নলৈ পঠিয়াই হায়দৰাবাদৰ বেটিং মেৰুদণ্ড ভাঙি দিয়ে ছিৰাজে ।

হায়দৰাবাদৰ ইনিংছ-

প্ৰথমে বেটিং কৰিবলৈ অহা হায়দৰাবাদৰ আৰম্ভণি আছিল অতি বেয়া । প্ৰথম অভাৰতে মহম্মদ চিৰাজে হায়দৰাবাদৰ শক্তিশালী বেটছমেন হিচাপে গণ্য কৰা ট্ৰেভিছ হেডক আউট কৰে । ৮ ৰান সংগ্ৰহ কৰি আউট হয় হেড । ইয়াৰ পিছত অভিষেক শৰ্মাও ৫ম অভাৰত আউট হয় । তেওঁৰ বেটৰ পৰা মাত্ৰ ১৮ ৰানহে আহে ।

বিস্ফোৰক বেটছমেন ঈশান কিষনৰ পৰা এটা ডাঙৰ ইনিংছ আশা কৰা হৈছিল যদিও তেওঁ মাত্ৰ ১৭ ৰান সংগ্ৰহ কৰি ৮ম অভাৰত আউট হয় । ইয়াৰ পিছত হেইনৰিখ ক্লাচেনে কিছু ভাল শ্বট খেলিলেও ১৪ অভাৰত উইকেট বিসৰ্জন দিয়ে । তাৰ পিছৰ অভাৰত নীতিশ ৰেড্ডীও পেভিলিয়নমুখী হয় । কিন্তু শেষত পেট কামিন্সে কিছু ভাল শ্বট খেলিছিল যাৰ বাবে হায়দৰাবাদ দলে ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৫২ ৰান কৰিবলৈ সক্ষম হয় ।

গুজৰাটৰ ইনিংছ-

গুজৰাটৰ ১৫৩ ৰানৰ লক্ষ্যৰ প্ৰত্যুত্তৰত গুজৰাটৰ আৰম্ভণি ভাল নাছিল । তৃতীয় অভাৰতে দলটোৱে ছাই সুদৰ্শনৰ উইকেট হেৰুৱাব লগা হয় । ইয়াৰ পিছত বাটলাৰো তাৰ পিছৰ অভাৰত আউট হয় । কোনো ৰান নকৰাকৈ পেভিলিয়মুখী হয় বাটলাৰ । কিন্তু ইয়াৰ পিছত ৱাশ্বিংটন সুন্দৰ আৰু শুবমন গীলৰ মাজত এক শক্তিশালী অংশীদাৰিত্বৰ সৃষ্টি হয় । গীলে অপৰাজিত অৰ্ধ শতক অৰ্জন কৰাৰ বিপৰীতে সুন্দৰ ৪৯ ৰানত আউট হয় । ইয়াৰ পিছত ৰাদাৰফোৰ্ডেও কিছু বিস্ফোৰক শ্বট খেলে । লগে লগে গুজৰাটে ১৬.৪ নং অভাৰত বিজয় লক্ষ্যত উপনীত হয় ।

জোছ বাটলাৰ আৰু ছাই সুদৰ্শনৰ ধুমুহাত বিধ্বস্ত আৰ চি বি… ৮ উইকেটত জয়লাভ গুজৰাটৰ

আই পি এল ২০২৫ৰ ১৪ সংখ্যক মেচত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) ৮ উইকেটত শোচনীয় পৰাজয়ৰ সন্মুখীন হয় । গুজৰাট টাইটানছে (জি টি) ১৮ অভাৰত আৰ চি বিয়ে বান্ধি দিয়া ১৭০ ৰানৰ লক্ষ্যত উপনীত হয় । এই ছিজনৰ প্ৰথমখন মেচ ঘৰুৱা খেলপথাৰত খেলিছিল আৰ চি বিয়ে । য’ত দলটো পৰাজয়ৰ সন্মুখীন হ’বলগা হয় । গুজৰাটে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰিবলৈ সিদ্ধান্ত লৈছিল । প্ৰথমে বেটিং কৰি আৰ চি বিয়ে ৮ উইকেট হেৰুৱাই ১৬৯ ৰান সংগ্ৰহ কৰে ।

১৭০ ৰানৰ লক্ষ্য অনুসৰণ কৰি গুজৰাটে মাত্ৰ ১৭.৫ অভাৰতে বিজয় সাব্যস্ত কৰে । কোনো পৰিৱৰ্তন নোহোৱাকৈ খেলপথাৰত নামিছিল আৰ চি বি । আনহাতে গুজৰাটৰ মূল একাদশত পৰিৱৰ্তন কৰা হৈছিল । কাগিছো ৰাবাদাৰ স্থানত আৰ্ছাদ খানক স্থান দিয়া হয় ।

আৰ চি বিৰ বেটিং-

প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লোৱা আৰ চি বিৰ আৰম্ভণি শোচনীয় আছিল । দ্বিতীয় অভাৰতে আৰ চি বিয়ে তাৰকা বেটছমেন বিৰাট কোহলীৰ ৰূপত প্ৰথমটো আঘাত লাভ কৰে । মাত্ৰ ৭ ৰান সংগ্ৰহ কৰি আৰ্ছাদ খানৰ চিকাৰ হয় কোহলী । ইয়াৰ পিছত তৃতীয় অভাৰত দেৱদত্ত পাদ্দিকালক ছিৰাজে পেভিলিয়নৰ বাট দেখুৱাই । তাৰ পাছত পঞ্চম অভাৰত ছিৰাজে বিপজ্জনক বেটছমেন ফিল ছল্টক আউট কৰে । সপ্তম অভাৰত ঈশন্তে অধিনায়ক ৰজত পাটিদাৰক আউট কৰি বেংগালুৰুৰ বেটিং মেৰুদণ্ড ভাঙি দিয়ে ।

ইয়াৰ পিছত জিতেশ শৰ্মাই দলক আগুৱাই নিয়াৰ দায়িত্ব গ্ৰহণ কৰি ৩৩ ৰানৰ ইনিংছ খেলে । কিন্তু তেওঁ ১৩ নং অভাৰত পেভিলিয়নমুখী হয় । কিন্তু ইয়াৰ পিছত লিভিংষ্টনে ধুমুহাময় ইনিংছ খেলি অৰ্ধশতক অৰ্জন কৰে । একে সময়তে টিম ডেভিদেও উজ্জ্বল বেটিং কৰে । ইয়াৰ ভিত্তিত আৰ চি বিয়ে ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৬৯ ৰান সংগ্ৰহ কৰে ।

গুজৰাটৰ বেটিং-

১৭০ ৰানৰ লক্ষ্য অনুসৰণ কৰি গুজৰাটে শক্তিশালী আৰম্ভণি কৰে । গীল আৰু ছাই সুদৰ্শনে সুদৃঢ় আৰম্ভণি কৰে । অৱশ্যে ১৪ ৰান সংগ্ৰহ কৰি আউট হয় গীল। কিন্তু ইয়াৰ পিছত ছাই সুদৰ্শন আৰু জোছ বাটলাৰে দায়িত্ব লৈ দলৰ জয়ৰ ভেটি স্থাপন কৰে । ৪৯ ৰান সংগ্ৰহ কৰি ছাই সুদৰ্শন আউট হয় যদিও তেওঁ মেছখন গুজৰাটৰ হাতলৈ যোৱাত সহায় ৰে । ইয়াৰ পিছত বাটলাৰে এক দৰ্শনীয় ইনিংছ খেলে । বাটলাৰে ৭৩ ৰানৰ অপৰাজিত ইনিংছ খেলে আৰু গুজৰাটে ১৮ নং অভাৰত খেলখন জয় কৰে ।