২০০৮ৰ পৰা ২০২৫ চনলৈঃ কোন বৰ্ষত কোনটো দলে জিনিছিল আই পি এল খিতাপ ?

২০০৮ৰ পৰা ২০২৫ চনলৈঃ কোন বৰ্ষত কোনটো দলে জিনিছিল আই পি এল খিতাপ ?

আই পি এল ২০২৬ বৰ্ষৰ চূড়ান্ত যুঁজখনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে সমগ্ৰ দেশৰ ক্ৰিকেট অনুৰাগীৰ মাজত এতিয়া ব্যাপক উত্তেজনা । আই পি এল ২০২৬ বৰ্ষৰ চূড়ান্ত যুঁজখনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে । অহা ৩১ মে’, দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত

আই পি এল ২০২৬ বৰ্ষৰ চূড়ান্ত যুঁজখনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে

সমগ্ৰ দেশৰ ক্ৰিকেট অনুৰাগীৰ মাজত এতিয়া ব্যাপক উত্তেজনা । আই পি এল ২০২৬ বৰ্ষৰ চূড়ান্ত যুঁজখনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে । অহা ৩১ মে’, দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব চলিত বৰ্ষৰ হাই-ভল্টেজ ফাইনেল মেচ । এই চূড়ান্ত যুঁজত মুখামুখি হ’ব ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু শক্তিশালী গুজৰাট টাইটানছ । বিশেষভাৱে লক্ষণীয় যে ফাইনেলত প্ৰৱেশ কৰা এই দুয়োটা দলেই ইতিমধ্যে এবাৰকৈ আইপিএল খিতাপ নিজৰ নামত কৰিবলৈ সক্ষম হৈছে ।

২০০৮ চনৰ পৰা আৰম্ভ হোৱা আইপিএলৰ যাত্ৰাত এতিয়ালৈকে মুঠ আঠটা দলে ট্ৰফী জয় কৰাৰ গৌৰৱ অৰ্জন কৰিছে । বৰ্তমানলৈকে সৰ্বাধিক পাঁচটাকৈ ট্ৰফীৰে মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছ যুটীয়াভাৱে তালিকাৰ শীৰ্ষত আছে । ইয়াৰ বিপৰীতে কলকাতা নাইট ৰাইডাৰ্ছে তিনিবাৰ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু, ছানৰাইজাৰ্ছ হায়দৰাবাদ, ৰাজস্থান ৰয়েলছ, ডেক্কান চাৰ্জাৰ্ছ তথা গুজৰাট টাইটানছে এবাৰকৈ ট্ৰফী জয় কৰিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে, ২০০৮ চনৰ পৰা প্ৰতিবছৰে ভিন্ন ভিন্ন দলে খিতাপ জয় কৰি আহিছে । ইয়াৰ ভিতৰত চেন্নাই ছুপাৰ কিংছ (২০১০, ২০১১, ২০১৮, ২০২১, ২০২৩), মুম্বাই ইণ্ডিয়ানছ (২০১৩, ২০১৫, ২০১৭, ২০১৯, ২০২০), কলকাতা নাইট ৰাইডাৰ্ছ (২০১২, ২০১৪, ২০২৪), ৰাজস্থান ৰয়েলছ (২০০৮), ডেক্কান চাৰ্জাৰ্ছ (২০০৯), ছানৰাইজাৰ্ছ হায়দৰাবাদ (২০১৬), গুজৰাট টাইটানছ (২০২২) আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে (২০২৫) ট্ৰফী জয় কৰিছে ।

ইতিহাস সৃষ্টিৰ দিশত বেংগালুৰু-

আই পি এলৰ ইতিহাসত কেৱল চেন্নাই ছুপাৰ কিংছ (২০১০-১১) আৰু মুম্বাই ইণ্ডিয়ানছে (২০১৯-২০) একেৰাহে দুবাৰকৈ খিতাপ জয় কৰাৰ বিৰল কৃতিত্ব অৰ্জন কৰিছে । যোৱাবাৰৰ চেম্পিয়ন বেঙ্গালুৰুৰ সন্মুখত এতিয়া সেই অভিলেখ স্পৰ্শ কৰাৰ এক সুবৰ্ণ সুযোগ আহি পৰিছে । যদি তেওঁলোকে কাইলৈৰ ফাইনেলত জয়ী হয়, তেন্তে আই পি এলৰ ইতিহাসত একেৰাহে দুবাৰ খিতাপ দখল কৰা তৃতীয়টো দল হিচাপে পৰিগণিত হ’ব ।

কেনেকৈ ফাইনেল পালে বেংগালুৰুৱে ?

চলিত ছিজনত বেংগালুৰুৰ প্ৰদৰ্শন আছিল অতি চিত্তাকৰ্ষক । লীগ পৰ্যায়ৰ ১৪খন মেচৰ ভিতৰত ৯খনত জয়লাভ কৰি তেওঁলোকে পইণ্ট টেবুলৰ শীৰ্ষ স্থান দখল কৰিছিল । ইয়াৰ পিছত কোৱালিফায়াৰ-১ মেচত গুজৰাট টাইটানছক পৰাস্ত কৰি দলটোৱে ফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হয় । এতিয়া ফাইনেলত পুনৰ গুজৰাটক মুখামুখি হৈ তেওঁলোকে নিজৰ খিতাপ ধৰি ৰাখিব পাৰিব নে নাই, সেয়াই এতিয়া ক্ৰিকেট প্ৰেমীৰ মাজত চৰ্চাৰ মূল বিষয় ।

লগতে পঢ়ক : পৰাস্ত হোৱাৰ পিছত খেলপথাৰতে উচুপি উঠিল বৈভৱ সূৰ্যবংশী; ফাইনেলৰ স্বপ্নভংগ