জি পি এছ ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি গন্তব্য স্থানত উপনীত হ’বলৈ চেষ্টা কৰাটোও কাৰোবাৰ জীৱনৰ শেষ মুহূৰ্ত হ’ব পাৰে । এনে এক ঘটনাই সংঘটিত হৈছে উত্তৰ প্ৰদেশত । জি পি এছ ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰাৰ ফলতেই সংঘটিত হোৱা এক দুৰ্ঘটনাত মৃত্যু হ’ল তিনিজন লোকৰ । বিবাহ অনুষ্ঠানলৈ গাড়ীৰে যাত্ৰা কৰি থকাৰ সময়তে এই শোকাৱহ দুৰ্ঘটনাত মৃত্যু হয় তিনিজন বন্ধুৰ । পৰিয়ালৰ লোকে দাবী কৰা মতে জি পি এছ ব্যৱস্থাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় । কাৰণ গাড়ীখন কেৱল জি পি এছ চিষ্টেমৰ সহায়তহে গৈ আছিল ।
দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জনোৱা মতে, দেওবাৰে এখন দলঙৰ পৰা ৰামগংগা নদীত এখন গাড়ী বাগৰি পৰাত তিনিজন লোকৰ মৃত্যু হয় । জি পি এছ ব্যৱস্থাৰ বাবে চালকজন অসুৰক্ষিত পথত যোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে । খালপুৰ-দাতাগঞ্জ পথত বদৌন জিলাৰ বৰেইলীৰ পৰা দাতাগঞ্জলৈ গৈ থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয় ।
এই বিষয়ত চক্ৰ বিষয়া আশুতোষ শিৱমে কয় যে চলিত বৰ্ষৰ আৰম্ভণিতে বানৰ বাবে দলঙৰ সন্মুখৰ অংশ নদীত খহি গৈছিল যদিও এই পৰিৱৰ্তন ব্যৱস্থাত আপডেট কৰা হোৱা নাছিল । আৰক্ষীয়ে জনোৱা মতে, চালকজনে নেভিগেচন চিষ্টেম ব্যৱহাৰ কৰি আছিল আৰু দলংখন অসুৰক্ষিত হোৱাৰ কথা জানিব পৰা নাছিল, যাৰ ফলত গাড়ীখন ক্ষতিগ্ৰস্ত অংশৰ পৰা তললৈ পৰি যায় ।
শিৱমে কয় যে ক্ষতিগ্ৰস্ত দলংখনৰ পথত কোনো ধৰণৰ সুৰক্ষাৰ বাধা বা সতৰ্কবাণী চিন নাছিল, যাৰ বাবেই এই মাৰাত্মক দুৰ্ঘটনা সংঘটিত হয় । এই তথ্য লাভ কৰাৰ লগে লগে ফৰিদপুৰ, বৰেইলী আৰু দাতাগঞ্জ থানাৰ আৰক্ষীৰ দল উপস্থিত হয় । ইয়াৰ পিছতে বাহনখন আৰু মৃতদেহ নদীৰ পৰা উলিয়াই আনে উদ্ধাৰকাৰীৰ দলে ।
গাঁৱৰ ৰাইজে দলঙৰ পৰা গাড়ীখন বাগৰি পৰাৰ খবৰ দিছিল-
আৰক্ষীয়ে জনোৱা মতে, দলঙৰ পৰা গাড়ীখন বাগৰি পৰাৰ কথা গাঁওবাসীয়ে অৱগত কৰিছিল । ইয়াৰ পিছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । মৰণোত্তৰ পৰীক্ষা গৃহত উপস্থিত হোৱা পৰিয়ালৰ লোকসকলেও দাবী কৰিছে যে গাড়ীখনত যাত্ৰা কৰা সকলো লোকে জি পি এছৰ ওপৰত নিৰ্ভৰ কৰিছিল । যেতিয়া গাড়ীখন দলঙৰ ওপৰেৰে গৈ আছিল, হঠাৎ দলংখন আধাতে শেষ হৈ যায় । যাৰ বাবে গাড়ীখন কেইবাফুট তলত নদীত বাগৰি পৰে । পৰিয়ালৰ লোকে বিষয়টোত বিভাগীয় বিষয়াক দোষাৰোপ কৰিছে, কাৰণ দলংখন আধৰুৱা কৰি ৰখা হৈছে আৰু কোনো ধৰণৰ বেৰিকেড স্থাপন কৰা হোৱা নাই ।
৫০ ফুট উচ্চতাৰ পৰা বাগৰি পৰে গাড়ী-
ফৰিদপুৰ থানা এলেকাৰ ৰামগংগা নদীৰ বদৌনৰ ফৰিদপুৰ-দাতাগঞ্জ সংযোগী অসম্পূৰ্ণ দলঙত সংঘটিত হয় এই দুৰ্ঘটনা । তথ্য অনুসৰি গাড়ীখনত থকা তিনিজন হৈছে মইনপুৰীৰ কৌশল কুমাৰ, ফাৰৰুখাবাদৰ বিবেক কুমাৰ আৰু অমিত । দাতাগঞ্জৰ পৰা আহিছিল গাড়ীখন । ইফালে গাড়ীখন আধৰুৱা দলংখনত উঠি তাৰ পাছত দলংখন শেষ হোৱাৰ লগে লগে নদীত বাগৰি পৰে ।