উত্তৰ প্ৰদেশৰ সম্ভলৰ জামা মছজিদত আজি পুনৰ জৰীপ অনুষ্ঠিত হ’ব লগা আছিল।কিন্তু তাৰ পূৰ্বেই এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।
অভিযোগ অনুসৰি জামা মছজিদৰ জৰীপৰ বাবে যোৱা দলটোলৈ ক্ষোভিত ৰাইজে শিলাবৰ্ষণ কৰে। ইতিমধ্যে বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰাৰ লগতে বেৰিকেডৰ ব্যৱস্থাও কৰা হৈছিল।
কিন্তু তাৰ পিছটো ৰাতিপুৱাৰ পৰা ইয়াত ভিৰ জমা হৈছিল আৰু হুলস্থূল সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছিল।
দেওবাৰে পুৱা ৫:০০ বজাৰ পৰা জামা মছজিদৰ চাৰিওফালে বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছিল। ইয়াৰ লগতে সম্ভল চহৰতো বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হয়।
জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকও পুৱা ৬:০০ বজাত সম্ভল কোতৱালীত উপস্থিত হৈছিল।জৰীপ দলটো জামা মছজিদৰ ওচৰত উপস্থিত হৈ কাম আৰম্ভ কৰিবলৈ লওতেই একাংশ লোক উপস্থিত হৈ চিঞৰ বাখৰ আৰম্ভ কৰে।
দৰাচলতে হিন্দু পক্ষই দাবী কৰিছে যে মন্দিৰটো ভাঙি জামা মছজিদ নিৰ্মাণ কৰা হৈছে।জামা মছজিদটো পূৰ্বে হিন্দু হৰিহৰৰ মন্দিৰৰ আছিল।
হৰিহাৰ মন্দিৰটো ১৫২৯ চনত বাবৰে ভাঙি পেলাইছিল আৰু ইয়াত এটা মছজিদ নিৰ্মাণ কৰিছিল। তেওঁলোকৰ দাবী মছজিদত বহুটো চিহ্ন পোৱা গৈছে যিবোৰ হিন্দু মন্দিৰৰ আছিল।
যাৰ বাবে আদালতে জৰীপৰ বাবে এক নিৰ্দেশ জাৰি কৰিছিল, আৰু সেই জৰীপৰ বাবে যোৱা বিষয়া সকললৈ শিলাবৰ্ষণ একাংশ জনতাৰ।