পানী স্বাস্থ্যৰ বাবে উপকাৰী । আমাৰ মুঠ শৰীৰৰ ওজনৰ ৬০ শতাংশই পানী । শৰীৰক প্ৰয়োজনীয় পুষ্টিকৰ উপাদানতকৈ অধিক পানীৰ প্ৰয়োজন । স্বাস্থ্য বিশেষজ্ঞৰ মতে এজন ব্যক্তিয়ে দৈনিক আঠৰ পৰা দহ গিলাচ পানী খাব লাগে । একে সময়তে পানী খোৱাৰ সঠিক পদ্ধতি আৰু সঠিক সময়েও বহু ধৰণৰ ৰোগ আঁতৰাই ৰাখে । প্ৰায়ে মানুহে ঠাণ্ডা পানী খাবলৈ ভাল পায় যদিও কিছুমান মানুহে কুহুমীয়া পানীও খায় ।
কিন্তু যদি আপুনি পুৱা খালী পেটত গৰম পানী খায়, তেন্তে ইয়াক স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় । ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে । পুৱা গৰম পানী খালে হজম প্ৰক্ৰিয়া সুস্থ হৈ থাকে । এনে পৰিস্থিতিত খালী পেটত পানী খোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে । পুৱা খালী পেটত গৰম পানী খোৱাৰ উপকাৰিতাৰ বিষয়ে জানো আহক…
পাচনতন্ত্ৰ সুস্থ হৈ থাকে-
খালী পেটত এগিলাচ কুহুমীয়া পানী খালে আপোনাৰ পাচনতন্ত্ৰ সুস্থ হৈ থাকে । প্ৰতিদিনে পুৱা পানী খোৱাৰ অভ্যাস থাকিলে গেছ আৰু পেট ফুলাৰ সমস্যাৰ পৰা সকাহ পোৱা যায় । শৰীৰৰ পৰা বিষাক্ত পদাৰ্থও আঁতৰি যায় ।
ভোক বৃদ্ধি পায়-
স্বাস্থ্য বিশেষজ্ঞৰ মতে খালী পেটত গৰম পানী খালে ভোক বৃদ্ধি পায় । ইয়াৰ কাৰণে আপুনি পুৱা ব্ৰেকফাষ্ট কৰাত কোনো সমস্যাৰ সন্মুখীন নহয় আৰু ভৰপূৰ ব্ৰেকফাষ্ট কৰাৰ বাবে গোটেই দিনটো শৰীৰ শক্তিশালী হৈ থাকে । লগতে ভাগৰুৱাও অনুভৱ নকৰে ।
ৰৰ বিষৰ পৰা উপশম-
যদি আপোনাৰ মূৰৰ বিষৰ সমস্যা আছে তেন্তে প্ৰতিদিনে পুৱা খালী পেটত কুহুমীয়া পানী খোৱাৰ অভ্যাস কৰক । আচলতে শৰীৰত পৰ্যাপ্ত পৰিমাণৰ পানী নথকাৰ বাবে মূৰৰ বিষ হয় । সেয়েহে প্ৰচুৰ পৰিমাণে পানী খাওক প্ৰতিদিনে পুৱা এগিলাচ পানীৰে দিনটোৰ আৰম্ভণি কৰিব লাগে ।
ছালৰ উজ্বলতা বৃদ্ধি পাই-
কুহুমীয়া পানী খালে ছাল উন্নত হয় । শৰীৰত বিষাক্ত পদাৰ্থ বেছি হ’লে ছালত দাগ পৰে । ছালখন ম্লান হৈ যায় আৰু উজ্জ্বলতা হেৰুৱাই পেলায় । ছাল উন্নত কৰাত পানী নিশ্চিতভাৱে সহায়ক । প্ৰতিদিনে পুৱা এগিলাচ কুহুমীয়া পানী খালে দাগ আঁতৰ হোৱাত সহায় কৰে ।