অষ্ট্ৰেলিয়া দলে জয়েৰে আৰম্ভ কৰিছে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ অভিযান । ২২ ফেব্ৰুৱাৰী (শনিবাৰ) লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত অষ্ট্ৰেলিয়াই ইংলেণ্ডক ৫ উইকেটত পৰাস্ত কৰে । অষ্ট্ৰেলিয়াই জয়ী হ’বলৈ ৩৫২ ৰানৰ লক্ষ্য লাভ কৰিছিল, যিটো ৪৮ অভাৰতে উপনীত হয় । চেম্পিয়নছ ট্ৰফীৰ ইতিহাসত এইটোৱেই আছিল আটাইতকৈ ডাঙৰ ৰান চেজ । লগতে, আই চি চিৰ এদিনীয়া প্ৰতিযোগিতাত এইটোৱেই আটাইতকৈ সফল ৰান চেজ ।
অষ্ট্ৰেলিয়ান দলৰ জয়ৰ নায়ক আছিল উইকেটৰক্ষক জোছ ইংলিছ । ইংলিছে অপৰাজিত শতকীয় ইনিংছ খেলে । ইংলিছে ৮৬টা বলত ১২০ ৰান সংগ্ৰহ কৰে, য’ত ৮টা চাৰি আৰু ৬টা ছয় আছিল । ইংলিছ আৰু এলেক্স কেৰীয়ে পঞ্চম উইকেটৰ বাবে ১৪৬ ৰান সংগ্ৰহ কৰি মেচখনৰ গতিপথ সলনি কৰে । কেৰীয়ে ৮টা চাৰিৰ সহায়ত ৬৩টা বলত ৬৯ ৰান সংগ্ৰহ কৰে ।
টছ হেৰুৱাই প্ৰথমে বেটিং কৰাৰ পিছত ইংলেণ্ডে ৮ উইকেটত ৩৫১ ৰান সংগ্ৰহ কৰে । ইংলেণ্ডৰ হৈ অ’পেনাৰ বেন ডাকেটে ১৬৫ ৰান সংগ্ৰহ কৰে, য’ত ১৭টা চাৰি আৰু তিনিটা ছয় আছিল । ডাকেটৰ উপৰিও জো ৰুটে চাৰিটা চাৰিৰ সহায়ত ৭৮টা বলত ৬৮ ৰানৰ ইনিংছ খেলে । অষ্ট্ৰেলিয়াৰ হৈ বেগী বলাৰ বেন ড্ৱাৰ্শ্বুইছে সৰ্বাধিক তিনিটা উইকেট দখল কৰে । আনহাতে স্পীন বলাৰ মাৰ্নাছ লাবুশ্বান আৰু আডাম জাম্পাই দুটাকৈ সফলতা লাভ কৰে ।
বেন ডাকেটে নিজৰ শতকীয় ইনিংছৰ সময়ছোৱাত ইতিহাসৰ সৃষ্টি কৰে । চেম্পিয়নছ ট্ৰফীৰ ইতিহাসত সৰ্ববৃহৎ ইনিংছ খেলা বেটছমেন হিচাপে পৰিগণিত হয় ডাকেট । ডাকেটে নাথান এষ্টল (নিউজীলেণ্ড) আৰু এণ্ডি ফ্লাৱাৰ (জিম্বাবুৱে)ৰ অভিলেখ ভংগ কৰে । ২০০৪ চনৰ চেম্পিয়নছ ট্ৰফীত আমেৰিকাৰ বিৰুদ্ধে অপৰাজিত ১৪৫ ৰান সংগ্ৰহ কৰিছিল নাথান এষ্টলে । আনহাতে এণ্ডি ফ্লাৱাৰে ২০০২ চনৰ চেম্পিয়নছ ট্ৰফীত ভাৰতৰ বিৰুদ্ধে ১৪৫ ৰানৰ ইনিংছ খেলিছিল ।
এই প্ৰতিযোগিতাত অষ্ট্ৰেলিয়াৰ দলটোৱে দুবাৰকৈ জয়লাভ কৰিছে যদিও শেহতীয়া ইতিহাস ভাল নহয় । ২০১৩ আৰু ২০১৭ চনৰ চেম্পিয়নছ ট্ৰফীত অষ্ট্ৰেলিয়াৰ দলটোৱে এখনো মেচত জয়ী হ’ব পৰা নাছিল । অষ্ট্ৰেলিয়াৰ দলটোৰ বৰ্তমানৰ ফৰ্মো বিশেষ উন্নত নহয় । শেহতীয়াকৈ শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত কেংগাৰু দলটোৱে ০-২ ব্যৱধানত লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল ।