ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ৰ দ্বিতীয়খন মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ) আৰু ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ মাজত অনুষ্ঠিত হয় । হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত এছ আৰ এইচে ৪৪ ৰাণত জয়লাভ কৰে । ৰাজস্থান ৰয়েলছে জয়ী হ’বলৈ ২৮৭ ৰানৰ লক্ষ্য লাভ কৰিছিল । লক্ষ্য অনুসৰণ কৰি দলটোৱে ৬ উইকেটত মাত্ৰ ২৪২ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।
লক্ষ্য অনুসৰণ কৰি ৰাজস্থান ৰয়েলছে অতি দুৰ্বল আৰম্ভণি কৰে । দ্বিতীয় অভাৰতে দলটোৱে দুটাকৈ উইকেট হেৰুৱাই শলঠেকত পৰে । পেচাৰ ছিমৰজীত সিঙে প্ৰথমে যশস্বী জয়ছোৱালক আউট কৰে (১) । ইয়াৰ পিছতে তেওঁ অধিনায়ক ৰিয়ান পৰাগ (৪) পেভিলিয়নৰ বাট দেখুৱাই । ইয়াৰ পিছতে মহম্মদ ছামীয়ে নীতিশ ৰাণাক আউট কৰে আৰু এই সময়ত ৰাজস্থানৰ তিনি উইকেটত ৫০ ৰান আছিল । ইয়াৰ পৰাই ‘ইমপেক্ট চাব’ সঞ্জু চেমচন আৰু ধ্ৰুৱ জুৰেলে একেলগে ইনিংছৰ দায়িত্ব লয় । দুয়োৰে মাজত ১১১ ৰানৰ অংশীদাৰিত্ব আছিল । এই অংশীদাৰিত্ব ভংগ কৰি সঞ্জু চেমছনক পেভিলিয়নৰ বাট দেখুৱাই হৰ্ষল পেটেলে ।
সঞ্জু চেমছনে ৩৭টা বলত ৬৬ ৰান সংগ্ৰহ কৰে, য’ত ৭টা চাৰি আৰু ৪টা ছয় আছে । তাৰ পাছত স্পীনাৰ আডাম জাম্পাই ধ্ৰুৱ জুৰেলৰ ইনিংছ সমাপ্ত কৰে । জুৰেলে ২০০ ষ্ট্ৰাইক ৰেটত ৭০ ৰান সংগ্ৰহ কৰে । এই সময়ছোৱাত জুৰেলে পাঁচটা চাৰি আৰু ৬টা ছয় কোবাই । পাঁচটা উইকেটৰ পতনৰ পাছত শ্বিমৰন হেটমায়াৰ আৰু শুভম ডুবেৰ মাজত ৮০ ৰানৰ বিস্ফোৰক অংশীদাৰিত্ব আছিল যদিও ডাঙৰ লক্ষ্যৰ বাবে তেতিয়ালৈকে মেচখন ইতিমধ্যে ৰাজস্থানৰ হাতৰ পৰা ওলাই গৈছিল ।
শ্বিমৰন হেটমায়াৰে ২৩টা বলত ৪২ ৰান সংগ্ৰহ কৰে । হেটমায়াৰক আউট কৰে বেগী বলাৰ হৰ্ষল পেটেলে । আনহাতে শুভম ডুবে ১১টা বলত ৩৪ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে । শুভম আৰু হেটমায়াৰ দুয়োজনে নিজৰ ইনিংছত ৪টা ছয় আৰু এটা চাৰিটা কোবাই । ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ ছিমৰজীত সিং আৰু হৰ্ষল পেটেলে দুটাকৈ উইকেট দখল কৰে ।
দ্বিতীয় সৰ্বাধিক স্ক’ৰ কৰে ছানৰাইজাৰ্ছে, ঈশান কিষণৰ শতক-
মেচখনত ছানৰাইজাৰ্ছ হায়দৰাবাদে টছত পৰাস্ত হোৱাৰ পিছত প্ৰথমে বেটিং কৰি ৬ উইকেটত ২৮৬ ৰান সংগ্ৰহ কৰে । আই পি এলৰ ইতিহাসত যিকোনো দলৰ এইটোৱেই আছিল দ্বিতীয় সৰ্বাধিক স্ক’ৰ । উল্লেখ্য যে আই পি এলৰ ইতিহাসত সৰ্বোচ্চ স্ক’ৰ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ নামত আছে । যোৱা বছৰ হায়দৰাবাদে একেখন খেলপথাৰতে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ বিৰুদ্ধে ৩টা উইকেট হেৰুৱাই ২৮৭ ৰান সংগ্ৰহ কৰিছিল ।
ছানৰাইজাৰ্ছ হায়দৰাবাদৰ আৰম্ভণি ভাল আছিল । ট্ৰেভিছ হেড আৰু অভিষেক শৰ্মাই ১৯টা বলত ৪৫ ৰানৰ অংশীদাৰিত্ব গঢ়ে । অভিষেক ১১টা বলত ২৪ ৰান সংগ্ৰহ কৰি আউট হয়, য’ত ৫টা চাৰি আছিল । স্পীনাৰ মহিষ তীক্ষনাৰ বলিংত অভিষেকক কেচ আউট কৰে যশস্বী জয়ছোৱালে । অভিষেক আউট হোৱাৰ পিছত ঈশান কিষানে হেডৰ সৈতে দায়িত্ব লয় আৰু দুয়োজনে ৩৮টা বলত ৮৫ ৰানৰ অংশীদাৰিত্ব গঢ়ে । এই সময়ছোৱাত হেডে মাত্ৰ ২১টা বলত নিজৰ অৰ্ধ শতক সম্পূৰ্ণ কৰে । তুষাৰ দেশপাণ্ডেই হেডক আউট কৰি এই অংশীদাৰিত্ব ভংগ কৰে ।
৩১টা বলত ৬৭ ৰান সংগ্ৰহ কৰি আউট হয় ট্ৰেভিছ হেড । হেডে তেওঁৰ ইনিংছত ৯টা চাৰি আৰু তিনিটা ছয় কোবাই । হেড আউট হোৱাৰ পিছত ঈশান কিষণৰ সৈতে দায়িত্ব লয় নীতিশ কুমাৰ ৰেড্ডীয়ে । তৃতীয় উইকেটৰ বাবে দুয়োৰে মাজত ৭২ ৰানৰ অংশীদাৰিত্ব গঢ়ে । মহেশ তীক্ষনাৰ বলত ৩০ ৰান সংগ্ৰহ কৰি আউট হয় নীতিশ । নীতিশ আউট হোৱাৰ পিছতো ৰাজস্থানৰ সমস্যা কমি যোৱা নাছিল কাৰণ হেনৰিচ ক্লাচেন ক্ৰীজলৈ আহিছিল । ক্লাচেন আৰু ইষাণে একেলগে ৰান বৰষুণ পেলাইছিল । ১৪টা বলত ৩৪ ৰান সংগ্ৰহ কৰি ক্লাচেনে আউট হয় ।
হেনৰিচ ক্লাচেন আউট হোৱাৰ কিছু সময়ৰ পিছতে ঈশান কিষণে নিজৰ শতক সম্পূৰ্ণ কৰে । ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ প্ৰথমখন মেচ খেলা ঈশানে ৪৫টা বলত শতক সম্পূৰ্ণ কৰে । ৪৬টা বলত ১০৬ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ঈশান । এই সময়ছোৱাত ঈশান কিষানে ১১টা চাৰি আৰু ৬টা ছয় কোবাই । ৰাজস্থান ৰয়েলছৰ হৈ তুষাৰ দেশপাণ্ডেই সৰ্বাধিক তিনিটা উইকেট দখল কৰে । আনহাতে মহেশ তীক্ষনাই দুটা সফলতা লাভ কৰে । সন্দীপ শৰ্মাই এটা উইকেট লাভ কৰে ।