ভাৰতৰ যুৱ অপেনাৰ বেটছমেন যশস্বী জয়ছোৱালে গঢ়িছে আন এক নতুন ৰেকৰ্ড। জয়ছোৱাল এই বছৰত টেষ্ট ৰান সংগ্ৰহ কৰা ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয়। বৰ্তমান তেওঁ সৰ্বাধিক টেষ্ট ৰাণ সংগ্ৰহকাৰীৰ তালিকাত দ্বিতীয় স্থান দখল কৰিছে।
টিম ইণ্ডিয়াৰ যুৱ অ’পেনাৰ বেটছমেন যশস্বী জয়ছৱালৰ নামত পঞ্জীয়ন হৈছে এক নতুন অভিলেখ। এই বৰ্ষত ১০০০ টেষ্ট ৰান সংগ্ৰহ কৰা আটাইতকৈ কম বয়সীয়া ভাৰতীয় হিচাপে পৰিগণিত হয় জয়ছোৱাল।
শুকুৰবাৰে মহাৰাষ্ট্ৰ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত নিউজিলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ দ্বিতীয় দিনা তেওঁ এই কৃতিত্ব অৰ্জন কৰে। ইয়াৰ পূর্বে এই অভিলেখ প্রাক্তন প্রবীণ ক্ৰিকেটাৰ দিলীপ ভেংছার্কাৰৰ নামত লিপিবদ্ধ হৈছিল৷
২২ বছৰীয়া বেটছমেন জয়ছৱালে পূৰ্বৰ তাৰকা খেলুৱৈ দিলীপ ভেংছাৰকাৰৰ পূৰ্বৰ অভিলেখ এৰি থৈ গৈছে। ১৯৭৯ চনত মাত্ৰ ২৩ বছৰ বয়সতে ভেংগেছকাৰে ১০০০ ৰানৰ সংখ্যা স্পৰ্শ কৰিছিল। অৰ্থাৎ ভেংগেকাৰৰ এই অভিলেখ আজি ৪৫ বছৰৰ মূৰত যশস্বী জয়ছৱালে ভংগ কৰিছে।