৩৭০ অনুচ্ছেদ বাতিলৰ পাছত প্ৰথমবাৰৰ বাবে হোৱা বিধানসভা নিৰ্বাচনত নেশ্যনেল কনফাৰেন্সৰ জয়ৰ পিছত জম্মু-কাশ্মীৰৰ প্ৰথমজন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে সাজু হৈছে ওমৰ আব্দুল্লা । জানিব পৰা মতে, বুধবাৰে ডাল হ্ৰদৰ পাৰত অৱস্থিত শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় কনভেনশ্যন চেন্টাৰত শপতগ্ৰহণৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে ।
মুখ্যমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীসকলে দিনৰ ১১:৩০ বজাত লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাৰ পৰা পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰিব । অনুষ্ঠানস্থলীৰ চাৰিওফালে নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰা হৈছে । এই অনুষ্ঠানটোত কেইবাজনো ভি ভি আই পি উপস্থিত থাকিব । শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ ইণ্ডি এলায়েন্সৰ দলসমূহক আমন্ত্ৰণ জনোৱা হৈছে ।
উল্লেখ্য যে, কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাবে আজি শপত লব ওমৰ আব্দুল্লাই ।
ওমৰক যোৱা শুকুৰবাৰে সৰ্বসন্মতিক্ৰমে নেশ্যনেল কনফাৰেন্স বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হৈছিল, যাৰ ফলত মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ দ্বিতীয় কাৰ্যকালৰ পথ প্ৰশস্ত হৈছিল । তেওঁৰ প্ৰথম কাৰ্যকাল আছিল ২০০৯ চনৰ পৰা ২০১৪ চনলৈ যেতিয়া জম্মু আৰু কাশ্মীৰ এখন পূৰ্ণাংগ ৰাজ্য আছিল আৰু নেশ্যনেল কনফাৰেন্স-কংগ্ৰেছ মিত্ৰজোঁট চৰকাৰ শাসনত আছিল । শেহতীয়া নিৰ্বাচনত, ৯০ খন আসনৰ ভিতৰত, নেচনেল কনফাৰেন্সে ৪২ খন আসন লাভ কৰিছিল, আনহাতে কংগ্ৰেছে ৬ খন আসন লাভ কৰিছিল ।
পাঁচজন সদস্যক লেফটেনেন্ট গৱৰ্ণৰৰ দ্বাৰা পৃথকে মনোনীত কৰা হৈছে । পাঁচজন নিৰ্বাচিত নিৰ্দলীয় বিধায়ক আৰু আম আদমী পাৰ্টিৰ একমাত্ৰ নিৰ্বাচিত বিধায়কৰ সমৰ্থনত, তেওঁলোকৰ শক্তি বৃদ্ধি পাইছে । সূত্ৰ অনুসৰি, ওমৰ আব্দুল্লাৰ মন্ত্ৰীসভাত মুঠ ১০ জন সদস্য থাকিব, যাৰ ভিতৰত আছে ছাকিনা ইট্টু, চাইফুল্লা মীৰ, আব্দুল ৰহিম ৰথাৰ, আলী মহম্মদ সাগৰ, সুৰিন্দৰ সিং, অজয় সাধোত্ৰা, পীৰজাদা মহম্মদ চৈয়দ আৰু কেইজনমান নিৰ্দলীয় সদস্য ।