মঙলবাৰে (২২ এপ্ৰিল, ২০২৫) জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ পহলগাম চহৰৰ এখন পৰ্যটন ৰিজৰ্টত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰাত কমেও ৫ জন পৰ্যটক আহত হৈছে বুলি জানিব পৰা গৈছে । ইয়াৰে এজনৰ অৱস্থা সংকটজনক । এই গুলীচালনা পহলগামৰ বৈছাৰণ উপত্যকাৰ ওপৰৰ অঞ্চলত সংঘটিত হয় । সূত্ৰই জনোৱা মতে, এইটো এটা পৰিকল্পিত আক্ৰমণ আৰু ওখ পাহাৰৰ পৰা তললৈ গুলীচালনা কৰা হৈছিল । বিশেষ কথাটো হ’ল জম্মু-কাশ্মীৰৰ কিছুমান অঞ্চলত সন্ত্ৰাসবাদ দেখা নাযায়, পহলগামো তাৰ ভিতৰত আছে । কিন্তু এইবাৰ সন্ত্ৰাসবাদীয়ে এই অঞ্চলকো লক্ষ্য কৰি লৈছে ।
সেই স্থানতে চি আৰ পি এফৰ অতিৰিক্ত এটা দল মোতায়েন কৰা হয় । প্ৰাৰম্ভিক তথ্য অনুসৰি টি আৰ এফ (The Resistance Front) সন্ত্ৰাসবাদী সংগঠন এই ঘটনাৰ সৈতে জড়িত থকাৰ আশংকা কৰা হৈছে । চোৰাংচোৱা নিৰাপত্তা সংস্থাৰ মতে, ২ৰ পৰা তিনিজনীয়া আক্ৰমণকাৰী দলটো আৰক্ষীৰ পোছাক পৰিহিত আছিল । সূত্ৰ অনুসৰি এই পৰ্যটকসকল ৰাজস্থানৰ পৰা অহা বুলি প্ৰকাশ পাইছে । এইখন পৰ্যটন এলেকা আৰু গ্ৰীষ্মকালীন ছুটী আৰম্ভ হোৱাৰ সময়ত ক্ৰমান্বয়ে এই অঞ্চললৈ পৰ্যটকৰ আগমণ ঘটিছে । এই আক্ৰমণৰ আঁৰত পাকিস্তানী সন্ত্ৰাসবাদী আছে বুলি ধাৰণা কৰা হৈছে ।