১০ বছৰৰ পিছত জম্মু আৰু কাশ্মীৰত অনুষ্ঠিত হ’ল বিধান সভা নিৰ্বাচন । এনে পৰিস্থিতিত, সকলোৰে চকু এই ফলাফলৰ ওপৰত স্থিৰ হৈ আছে । সকলোৱে উৎসুকতাৰে বাট চাই আছে কাৰ সপক্ষে পৰিল জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ ভোট আৰু কোন হ’ব মুখ্যমন্ত্ৰী ।
তাৎপৰ্যপূৰ্ণভাৱে, জম্মু-কাশ্মীৰত মুঠ ৯০ খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈ যায় । এই নিৰ্বাচনৰ ফলাফলত দেশকে ধৰি সমগ্ৰ বিশ্বতে দৃষ্টি নিবদ্ধ হৈ আছে, কাৰণ ১০ বছৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত ইয়াৰ পৰিস্থিতি যথেষ্ট পৰিৱৰ্তন হৈছে ।
ভোটগ্ৰহণ হৈ যোৱাৰ পিছতে শনিবাৰে প্ৰকাশ পায় এক্সিট প’লৰ ফলাফল । অধিকাংশ এক্সিট প’লৰ মতে জম্মু-কাশ্মীৰত কংগ্ৰেছ আৰু নেশ্বনেল কনফাৰেঞ্চৰ উত্থান ঘটিব ।
C- ভোটাৰৰ মতে জম্মু-কাশ্মীৰত হ’ব কংগ্ৰেছ আৰু নেশ্বনেল কনফাৰেঞ্চৰ চৰকাৰ-
কংগ্ৰেছ মিত্ৰজোট : ৪০-৪৮
বিজেপি : ২৭-৩২
পি ডি পি : ৬-১২
অন্যান্য : ৬-১১
পিপুলছ পালচৰ মতে জম্মু-কাশ্মীৰত কংগ্ৰেছ মিত্ৰজোটৰ চৰকাৰ-
কংগ্ৰেছ মিত্ৰজোট : ৪৬-৫০
বিজেপি : ২৩-২৭
পি ডি পি : ৭-১২
অন্যান্য : ৬-১০
গুলিস্তানৰ মতে বিজেপি-কংগ্ৰেছৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা হ’ব
কংগ্ৰেছ মিত্ৰজোট : ৩১-৩৬
বিজেপি : ২৮-৩০
পি ডি পি : ৫-৭
অন্যান্য : ১৯-২৩
দৈনিক ভাস্কৰৰ মতে কংগ্ৰেছ মিত্ৰজোট : ৩৫-৪০
বিজেপি : ২০-২৫
পি ডি পি : ৪-৭
অন্যান্য : ২২-২৬
উল্লেখ্য যে, জম্মু-কাশ্মীৰত তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈছিল বিধান সভা নিৰ্বাচন । প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ১৮ ছেপ্টেম্বৰত, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ২৫ ছেপ্টেম্বৰত আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ১ অক্টোবৰত অনুষ্ঠিত হৈছিল । ৮ অক্টোবৰত ঘোষণা হ’ব নিৰ্বাচনৰ ফলাফল ।