মঙলবাৰে (১১ ফেব্ৰুৱাৰী, ২০২৫) জম্মু-কাশ্মীৰৰ আখনূৰ ছেক্টৰৰ এটা ফৰৱাৰ্ড পোষ্টৰ সমীপত সংঘটিত হোৱা আই ই ডি বিস্ফোৰণত এজন সেনা কেপ্তেইন আৰু এজন জোৱান শ্বহীদ হয় । অঞ্চলটোত বৰ্তমান অনুসন্ধান অভিযান চলি আছে ।
সূত্ৰ অনুসৰি মঙলবাৰে নিশা প্ৰায় ৩:৫০ বজাত সংঘটিত হয় এই ঘটনা । সেনাৰ এটা টহলদাৰী দলে নিয়মীয়াকৈ টহল দি আছিল । এই সময়তে সীমান্তৰ সমীপত আই ই ডি বিস্ফোৰণ সংঘটিত হয়, য’ত এজন বিষয়াসহ তিনিজন জোৱান গুৰুতৰভাৱে আহত হয় । লগে লগে আহতসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয় ।
তথ্য অনুসৰি ভট্টাল অঞ্চলত জোৱানসকলে টহল দি থকাৰ সময়তে এক শক্তিশালী বিস্ফোৰণ সংঘটিত হয় । প্ৰাথমিক তথ্যত প্ৰকাশ পাইছে যে এটা ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আই ই ডি) বিস্ফোৰণ ঘটিছে । ইয়াক সন্ত্ৰাসবাদীয়ে সংস্থাপন কৰা বুলি ধাৰণা কৰা হৈছে । বিষয়াসকলে জনোৱা মতে, বিস্ফোৰণৰ লগে লগে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰখা হয় ।
আখনূৰ ছেক্টৰত উদ্ধাৰ হৈছে মৰ্টাৰৰ খোলা-
মঙলবাৰে (১১ ফেব্ৰুৱাৰী) জম্মু জিলাৰ আখনূৰ ছেক্টৰত উদ্ধাৰ হোৱা এটা মৰ্টাৰ শ্বেল বোমা নিষ্কাশন দলে নিষ্ক্ৰিয় কৰে । আৰক্ষীয়ে জনোৱা মতে, পুৱা প্ৰায় ১০ বজাত স্থানীয় একাংশ লোকে নমন্দৰ গাঁৱৰ সমীপৰ প্ৰতাপ খালত এটা মৰ্টাৰ শ্বেল দেখা পায় । এই তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ দলটোৱে সেই স্থানত উপস্থিত হয় আৰু পিছত বোমা নিষ্কাশন দল উপস্থিত হৈ বিস্ফোৰক সামগ্ৰীসমূহ নিৰাপদে নিষ্ক্ৰিয় কৰে ।