অভিনেতা ছেইফ আলী খানক বৃহস্পতিবাৰে পুৱতি নিশা কোনো দুৰ্বৃত্তই চুৰিৰে আক্ৰমণ কৰিছিল। ইয়াৰ পিছত, অভিনেতাজনক সংকটজনক অৱস্থাত লীলাৱতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
য’ত চিকিৎসকসকলে তেওঁৰ অস্ত্ৰোপচাৰ কৰিছিল। বৰ্তমান, তেওঁৰ অস্ত্ৰোপচাৰ সম্পূৰ্ণ হৈছে আৰু বিপদ মুক্ত হৈছে। জানিব পৰা মতে এজন অজ্ঞাত ব্যক্তিয়ে অভিনেতা গৰাকীৰ ঘৰত প্ৰৱেশ কৰি চুৰিৰে আক্ৰমণ কৰিছিল।
চুৰি কৰাৰ উদ্দেশ্যৰে ঘৰত প্ৰৱেশ কৰা অচিনাক্ত ব্যক্তিজনে প্ৰথমে তেওঁৰ পুত্ৰৰ কোঠাত প্ৰৱেশ কৰিছিল আৰু বনকৰা মহিলা গৰাকীৰ সৈতে হতাহতিত লিপ্ত হৈছিল।
আৰু বনকৰা মহিলাগৰাকীক বচাবলৈ অহা ছেইফ আলী খানক দুৰ্ঘটনাটোৰ আক্ৰমণ কৰে দুৰ্বৃত্তই।তেওঁ বহু ঠাইত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছিল।
ঘটনাক লৈ মুম্বাই আৰক্ষীয়ে চিচিটিভি কেমেৰাত ২ জন সন্দেহজনক লোকক দেখিছে। মুম্বাই আৰক্ষীৰ বিষয়াজনে দাবী কৰিছে যে তাৰে এজনে আক্ৰমণ কৰিছিল অভিনেতা গৰাকীক।
কিন্তু আৰক্ষীয়ে এতিয়াও কোনো সিদ্ধান্তত উপনীত হোৱা নাই।বৰ্তমান দুয়োৰে সন্ধান চলি আছে। ইয়াৰে এজন লোক চিনাক্ত কৰা হৈছে।
আৰক্ষীৰ জনোৱা মতে সন্দেহজনক ব্যক্তিজনে ওচৰৰ অট্টালিকাৰ পৰা ছেইফ আলী খানৰ বাসগৃহত জঁপিয়াই আহিছিল। সি চিৰিৰে ঘৰটোত প্ৰৱেশ কৰিলে।
আক্ৰমণৰ সময়ত কৰীণা কাপুৰো ঘৰতে আছিল। আৰক্ষীয়ে গোচৰটো ৪-৫ ঘণ্টাৰ ভিতৰত সমাধান কৰাৰ দাবী কৰিছে।
আৰক্ষীয়ে সন্দেহ কৰিছে যে অভিযুক্তজনে চুৰি কৰাৰ উদ্দেশ্যৰে অভিনেতাগৰাকীৰ ঘৰলৈ আহিছিল। ঘটনাৰ সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে তদন্তৰ বাবে স্থানীয় আৰু অপৰাধ শাখাৰ মুঠ ১০ টা দল গঠন কৰিছে। আৰক্ষীয়ে দাবী কৰিছে যে এই গোচৰটো ৪ ৰ পৰা ৫ ঘণ্টাৰ ভিতৰত সমাধান কৰা হ’ব।