ছিৰিয়াত চলি থকা ৰাজনৈতিক সংকটৰ মাজতে এটা ডাঙৰ খবৰ পোহৰলৈ আহিছে। দাবী কৰা হৈছে যে ছিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ আল-আসাদৰ বিমান খন দুৰ্ঘটনাগ্ৰস্ত হৈছে ।
তেওঁৰ বিমানখন আকাশ মাৰ্গৰ ৫০০ মিটাৰ ওপৰত দুৰ্ঘটনাগ্ৰস্ত হয়, যাৰ ধ্বংসাৱশেষও উদ্ধাৰ কৰা হৈছে। দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পূৰ্বে বিমানখন ৰাডাৰৰ পৰা অদৃশ্য হৈ গৈছিল।
বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সময়ত বাছাৰ আল-আসাদে তেওঁৰ পৰিয়ালৰ সৈতে দেশ এৰি গৈ আছিল। বিদ্ৰোহীসকলে আসাদৰ বিমানখন গুলীবৰ্ষণ কৰিছে বুলিও দাবী কৰিছে একাংশই।
ছিৰিয়াৰ বৰ্তমানৰ পৰিস্থিতি অৱনতি ঘটিছে। বিদ্ৰোহীসকলে ছিৰিয়াৰ তিনিখন মুখ্য চহৰ দখল কৰিছে, যাৰ ভিতৰত আছে আলেপ্পো, হোস্ম আৰু দাৰা।
বিদ্ৰোহীসকলে হোস্মত থকা ৰাষ্ট্ৰপতি বাছাৰ আল-আসাদৰ পিতৃৰ এটা প্ৰতিমূৰ্তিও ভাঙি পেলাইছে। ছিৰিয়াৰ সেনাই চহৰ আৰু গাওঁৰ লোকসকলক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে।
ইফালে, ছিৰিয়াৰ প্ৰধানমন্ত্ৰী মহম্মদ গাজী জালালীয়ে কয় যে তেওঁ শান্তিপূৰ্ণ ভাৱে বিৰোধীৰ হাতত শাসনভাৰ হস্তান্তৰ কৰিবলৈ সাজু।
তেওঁ কয় “মই মোৰ বাসগৃহত আছোঁ আৰু ক’লৈও যোৱা নাই আৰু ইয়াৰ কাৰণ হৈছে মই মোৰ দেশক ভাল পাওঁ” । তেওঁ কৈছিল যে “কাম কৰিবলৈ তেওঁৰ কাৰ্যালয়লৈ যাব”। লগতে তেওঁ ছিৰিয়াৰ নাগৰিকসকলক ৰাজহুৱা সম্পত্তিৰ ক্ষতি নকৰিবলৈ আহ্বান জনাই।