অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰমান শনমুগাৰত্নমক সাক্ষাৎ কৰে । এই সময়ছোৱাত এছিয়াৰ দেশখনৰ সৈতে ভাৰতৰ সম্পৰ্ক সুদৃঢ় কৰাৰ বিষয়ে আলোচনা হয় । দুদিনীয়া ছিংগাপুৰ ভ্ৰমণলৈ যোৱা মুখ্যমন্ত্ৰী ড০ শৰ্মাই শনমুগাৰত্নমক সাক্ষাৎ কৰি বিভিন্ন বিষয় বিশেষকৈ আগন্তুক ‘এডভান্টেজ আছাম ২.০ ইনভেষ্টমেণ্ট ছামিট’ৰ বিষয়ে আলোচনা কৰে বুলি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ‘এক্স’ৰ এটা পোষ্টত প্ৰকাশ কৰে ।
তেওঁ কয়, ‘আজি ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰমান শনমুগাৰত্নমক লগ পোৱাটো মোৰ বাবে এক গৌৰৱৰ কথা । আমাৰ বৈঠকত বিভিন্ন প্ৰকল্পৰ বিষয়ে আলোচনা কৰা হয়, ভাৰত-ছিংগাপুৰৰ সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বৰ মূল স্তম্ভ হিচাপে অসমৰ ভূমিকাক বিশেষ গুৰুত্ব আৰোপ কৰা হয় ।‘
হিমন্ত বিশ্ব শৰ্মাই ২০২২ চনত শনমুগাৰত্নমৰ অসম ভ্ৰমণৰ কথা মনত পেলাই ইয়াৰ সৈতে জড়িত বহু কথা শ্বেয়াৰ কৰে । পিছত ড০ শৰ্মাই ছিংগাপুৰৰ বৈদেশিক মন্ত্ৰী ভিভিয়ান বালাকৃষ্ণনক সাক্ষাৎ কৰে আৰু আলোচনাত ভাৰতৰ ‘এক্ট ইষ্ট’ নীতিৰ অধীনত বিদেশী ৰাষ্ট্ৰৰ সৈতে অসমৰ বৰ্তমানৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।
ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে ছিংগাপুৰত অৰ্ধপৰিবাহী খণ্ডৰ উদ্যোগৰ নেতাসকলক সাক্ষাৎ কৰি সম্ভাৱ্য সহযোগিতাৰ বিষয়ে আলোচনা কৰে । ছিংগাপুৰ চৰকাৰৰ মালিকানাধীন কনচালটেন্সি ফাৰ্ম ছুৰবানা জুৰঙৰ জ্যেষ্ঠ বিষয়া ল’ চেৰ একক সাক্ষাৎ কৰি অসমত চলি থকা প্ৰকল্পৰ বিষয়ে আলোচনা কৰে বুলি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰিছে । অহা ২৫-২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব ‘এডভান্টেজ আছাম ২.০ ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ছামিট’ ।