এন চি পি নেতা বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ পিছত হিন্দী ছবি জগতত শোকৰ ছাঁ পৰিছে । খবৰ অনুসৰি, বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ সৈতে কুখ্যাত গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ সম্পৰ্ক আছে বুলি অভিযোগ উত্থাপন হৈছে । বাবা ছিদ্দিকীৰ হত্যাকাণ্ডত লৰেন্স বিষ্ণোই চক্ৰ জড়িত থকাৰ দাবীৰ পিছতে ছলমান খান আৰু তেওঁৰ পৰিয়ালৰ নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে ।
ছলমান খানৰ নিৰাপত্তা বৃদ্ধি-
পুৱা প্ৰায় ৩ বজাত চিদ্দিকীৰ পৰিয়ালক লগ পোৱাৰ পিছত অভিনেতাজনৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে । বিষয়টো সন্দৰ্ভত আৰক্ষীৰ এটা সূত্ৰই জনায় যে উপযুক্ত পদক্ষেপ লোৱা হৈছে । ইয়াৰ পূৰ্বে, যেতিয়া চলমান খানে বাবা চিদ্দিকীক চোৱাৰ পিছত উভতি আহিছিল, তেওঁৰ মুখৰ উত্তেজনা স্পষ্টভাৱে দেখা গৈছিল ।
লৰেন্স বিষ্ণোইৰ পৰা ভাবুকি লাভ কৰিছে ছলমানে-
এপ্ৰিল মাহৰ পৰা লৰেন্স বিষ্ণোই গেঙৰ ৰাডাৰত আছে ছলমান । এই বিষয়টো সন্দৰ্ভত ৪ জুনত মুম্বাই আৰক্ষীৰ সন্মুখত এক বিবৃতিও ৰেকৰ্ড কৰিছে অভিনেতাগৰাকীয়ে । এই বিবৃতি অনুসৰি লৰেন্স বিষ্ণোইয়ে নিজৰ গেং সদস্যৰ সহায়ত তেওঁৰ ঘৰৰ বাহিৰত গুলীচালনাৰ কাণ্ড সংঘটিত কৰে । অভিনেতাগৰাকীৰ মতে, বিষ্ণোই গেঙে তেওঁক আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল ।
দুজন অভিযুক্তক গ্ৰেপ্তাৰ-
ছিদ্দিকীৰ হত্যাকাণ্ড সন্দৰ্ভত ভাৰতীয় ন্যায় সংহিতা, অস্ত্ৰ আইন আৰু মহাৰাষ্ট্ৰ আৰক্ষী আইনৰ সংশ্লিষ্ট ধাৰাত মুম্বাই আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে । এই হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত দুজনৰ নাম হাৰিয়ানাৰ বাসিন্দা গুৰমাইল সিং আৰু উত্তৰ প্ৰদেশৰ বাসিন্দা ধৰ্মৰাজ কাশ্যপ ।