আজিৰ পৰা বন্ধ হ’ল কেদাৰনাথ ধামৰ দুৱাৰ। আজি পুৱা ৪ বজাৰৰ লগে লগে ৰীতি-নীতিৰে আৰম্ভ হৈছিল পূজা।তাৰ পিছত পুৱা ৮ বাজি ৩০ মিনিটত বন্ধ কৰা হ’ল কেদাৰনাথৰ দুৱাৰ। এতিয়া ৬ মাহৰ বাবে কেদাৰনাথে উখিমথত দৰ্শন দিব। অনুষ্ঠানটোত হাজাৰ হাজাৰ ভক্তই কেদাৰনাথত ভিৰ কৰিছিল।সমগ্ৰ মন্দিৰৰ চৌহদটো ১০ কুইন্টাল ফুলেৰে সজোৱা হৈছে।কেদাৰনাথ ধামৰ দুৱাৰ বন্ধ হোৱা উপলক্ষে সেনাৰ বেণ্ডৰ সুৰত নৃত্য ভক্তৰ।