বৈদিক মন্ত্ৰোচ্চাৰণৰ মাজেৰে মুকলি হ’ল কেদাৰনাথ ধামৰ দুৱাৰ…
আজিৰে পৰা ভক্তৰ বাবে খোল খালে কেদাৰনাথ ধামৰ দুৱাৰ। কেদাৰ বাবাৰ দৰ্শনৰ বাবে ভক্তৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে। প্ৰধানমন্ত্ৰী মোদীয়েও ভক্তসকললৈ শুভেচ্ছা জনাই।
সম্পূৰ্ণ বিধি-বিধান আৰু বৈদিক মন্ত্ৰৰ জপৰ মাজত আজি ভক্তৰ বাবে মুকলি হ’ল কেদাৰনাথ মন্দিৰৰ দুৱাৰ।মন্দিৰৰ দুৱাৰ খোলাৰ লগে লগে “হৰ হৰ মহাদেৱ” আৰু “জয় বাবা কেদাৰ”ৰ ধ্বনি প্ৰতিধ্বনিত হয়। ইফালে, কেদাৰনাথ ধামৰ দৰ্শনৰ বাবে পুৱাৰে পৰা ভক্তৰ দীঘলীয়া শাৰী দেখা গৈছে।

বহু ভক্তই মঙলবাৰৰ নিশাৰ পৰাই অপেক্ষা কৰি আছিল। মন্দিৰটো ৫১ কুইণ্টল ফুলেৰে সজাই তোলা হৈছে।ইয়াৰ লগতে কেদাৰনাথ ধামৰ দুৱাৰ খোলাৰ সময়ত হেলিকপ্টাৰৰ দ্বাৰা পুষ্পবৃষ্টিও কৰা হয়।
এই উপলক্ষে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীও কেদাৰনাথ ধামত উপস্থিত থাকে।তেওঁ বাবা কেদাৰৰ দৰ্শন কৰি নন্দী বাবাৰ পৰাও আশীৰ্বাদ বিচাৰিছিল। মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে দৰ্শনৰ বাবে অহা ভক্তসকলক আদৰণি জনাইছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এক্স হেণ্ডেলত টুইট কৰি লিখিছে যে, দেৱভূমি উত্তৰাখণ্ডৰ পবিত্ৰ মাটিত আজি শ্ৰী কেদাৰনাথ ধামৰ দুৱাৰ সম্পূৰ্ণ বিধি-বিধানেৰে মুকলি কৰা হৈছে। কেদাৰনাথ ধাম আৰু চাৰ ধামৰ এই তীৰ্থযাত্ৰা আমাৰ বিশ্বাস, ঐক্য, চহকী পৰম্পৰাৰ এক ঐশ্বৰিক উদযাপন। এই যাত্ৰাবোৰৰ মাজেৰে আমি ভাৰতৰ সনাতন সংস্কৃতিৰ আভাসো পাওঁ।বাবা কেদাৰে সকলোৰে ওপৰত আশীৰ্বাদ কৰক। আপোনালোকৰ যাত্ৰা শুভ হওক তাৰে কামনা কৰিলোঁ।হৰ হৰ মহাদেৱ।
লগতে পঢ়ক: ভাৰতে নাপাহৰে… অপাৰেচন সিন্দুৰৰ প্ৰথম বৰ্ষপূৰ্তিৰ পূৰ্বে ভাৰতীয় সেনাৰ বিশেষ বাৰ্তা