ৰোহিত শৰ্মাৰ অধিনায়কত্বত চেম্পিয়নছ ট্ৰফীত অব্যাহত আছে ভাৰতীয় দলৰ বিজয় ৰথ । আজি অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াক পৰাস্ত কৰি আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ফাইনেলত প্ৰৱেশ কৰিছে । চেম্পিয়নছ ট্ৰফী ২০২৫ৰ প্ৰথমখন ছেমি ফাইনেল মেচ মঙলবাৰে (৪ মাৰ্চ) ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হয় ।
এই মেচখনত টিম ইণ্ডিয়াই ৪ উইকেটত জয়লাভ কৰিছে । এই জয়ৰ নায়ক আছিল বেগী বলাৰ মহম্মদ ছামী আৰু বিৰাট কোহলী । এই জয়েৰে ৰোহিত ব্ৰিগেডে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ফাইনেলত প্ৰৱেশ কৰিছে । য’ত দ্বিতীয় ছেমি ফাইনেলৰ বিজয়ী দলৰ সৈতে ৯ মাৰ্চত মুখামুখি হ’ব ভাৰতীয় দল । ৫ মাৰ্চত লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামত নিউজীলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব দ্বিতীয়খন ছেমি ফাইনেল ।
অষ্ট্ৰেলিয়াৰ অধিনায়ক ষ্টিভ স্মিথে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰি ২৬৫ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতীয় দলটোৱে মাত্ৰ ৪৮.১ অভাৰতে ৬ টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয় । ভাৰতৰ হৈ বিৰাট কোহলীয়ে সৰ্বাধিক ৮৪ ৰান সংগ্ৰহ কৰে ।
𝙄𝙉𝙏𝙊 𝙏𝙃𝙀 𝙁𝙄𝙉𝘼𝙇𝙎 🥳
— BCCI (@BCCI) March 4, 2025
Scorecard ▶️ https://t.co/HYAJl7biEo#TeamIndia | #INDvAUS | #ChampionsTrophy pic.twitter.com/k67s4fLKf3
বেয়া আৰম্ভণিৰ অন্তত দলৰ দায়িত্ব লয় কোহলীয়ে-
ভাৰতীয় দলৰ আৰম্ভণি অতি বেয়া আছিল । দলটোৱে ৪৩ ৰানতে ২টাকৈ গুৰুত্বপূৰ্ণ উইকেট হেৰুৱাইছিল । শুভমন গীল ৮ ৰান সংগ্ৰহ কৰি আউট হয় আৰু অধিনায়ক ৰোহিত শৰ্মা ২৮ ৰান সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় । ইয়াৰ পাছতে শ্ৰেয়াছ আয়াৰৰ সৈতে বিৰাট কোহলীয়ে ১১১টা বলত ৯১ ৰানৰ অংশীদাৰিত্বৰে দলক জয়ৰ দিশে আগুৱাই নিয়াৰ দায়িত্ব লয় । কিন্তু ইয়াৰ মাজতে ১৩৪ ৰাণত ভাৰতে তৃতীয়টো আঘাত লাভ কৰে । শ্ৰেয়াছ আয়াৰৰ ৰূপত ভাৰতৰ তৃতীয়টো উইকেটৰ পতন ঘটে । আয়াৰে ৪৫ ৰান সংগ্ৰহ কৰি আউট হয় ।
ইফালে দায়িত্বশীল বেটিঙেৰে দলক জয় সোৱাদ দিয়া বিৰাট মাত্ৰ ১৬ ৰাণৰ বাবে শতক বঞ্চিত হয় । কোহলীয়ে ৫৪টা বলত নিজৰ অৰ্ধ শতক সম্পূৰ্ণ কৰে । তৃতীয় উইকেটৰ পতনৰ পাছত কোহলীয়ে অক্ষৰ পেটেলৰ সৈতে অংশীদাৰিত্ব গঢ়ে আৰু চতুৰ্থ উইকেটৰ বাবে ৫২টা বলত ৪৪ ৰান সংগ্ৰহ কৰে । ইয়াত অক্ষৰে ২৭ ৰান সংগ্ৰহ কৰি পেভিলিয়নমুখী দয় । ভাৰতীয় দলৰ আধা অংশ ২২৫ ৰানত আউট হৈছিল । ৮৪ ৰান সংগ্ৰহ কৰি আউট হৈছিল বিৰাট কোহলী । কোহলীয়ে কে এল ৰাহুলৰ সৈতে পঞ্চম উইকেটত ৪৭ ৰান সংযোজন কৰে ।
উইকেট পতনঃ ১-৩০ (শুভমন গীল, ৪.৬ অভাৰ), ২-৪৩ (ৰোহিত শৰ্মা, ৭.৫ অভাৰ), ৩-১৩৪ (শ্ৰেয়াছ আয়েৰ, ২৬.২ অভাৰ), ৪-১৭৮ (অক্ষৰ পেটেল, ৩৪.৬ অভাৰ), ৫-২২৫ (বিৰাট কোহলী, ৪২.৪ অভাৰ) ।
বিৰাট কোহলীৰ উইকেট পতনৰ পিছত বিস্ফোৰক বেটছমেন হাৰ্দিক পাণ্ডিয়াই দুৰ্দান্ত প্ৰদৰ্শনেৰে ২৪ টা বলত ২৮ ৰাণ সংগ্ৰহ কৰে । তেওঁ ৩টা ছয় আৰু ১টা চাৰি কোবাই । কে এল ৰাহুলে ৩৪ টা বলত ৪২ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে । বিৰাট কোহলী প্লেয়াৰ অব্ দ্য মেচ বিবেচিত হয় ।