আজিৰ পৰা আৰম্ভ হৈছে চেম্পিয়নছ ট্ৰফী । ইয়াৰ পূৰ্বে আই চি চিয়ে শেহতীয়া ৰেংকিং প্ৰকাশ কৰিছে । ভাৰতৰ তাৰকা বেটছমেন তথা সহ-অধিনায়ক শুভমন গীল বিশ্বৰ এক নম্বৰ এদিনীয়া বেটছমেন হিচাপে পৰিগণিত হৈছে । বাবৰ আজমক অতিক্ৰম কৰি তেওঁ এই স্থান লাভ কৰিছে । একে সময়তে এদিনীয়াত শীৰ্ষ ১০ বেটছমেনৰ ভিতৰত চাৰিগৰাকী ভাৰতীয় খেলুৱৈ আছে । গীলৰ বাহিৰেও তৃতীয় স্থানত ৰোহিত শৰ্মা, ষষ্ঠ স্থানত বিৰাট কোহলী আৰু নৱম স্থানত আছে শ্ৰেয়াছ আয়াৰ । শ্ৰেয়াছেও এটা স্থানৰ অগ্ৰগতি লাভ কৰিছে ।
দ্বিতীয় স্থানলৈ অৱনমিত গৈছে বাবৰ । গীলৰ ৰেটিং ৭৯৬, আনহাতে বাবৰৰ ৰেটিং ৭৭৩ । ৰোহিতৰ ৰেটিং পইণ্ট হৈছে ৭৬১ । দক্ষিণ আফ্ৰিকাৰ হেনৰিখ ক্লাচেনে ৭৫৬ ৰেটিং পইণ্টেৰে চতুৰ্থ স্থানত আছে । ৭৪০ ৰেটিং পইণ্টেৰে পঞ্চম স্থানত আছে নিউজীলেণ্ডৰ ডেৰিল মিচেল ।
শেহতীয়াকৈ শক্তিশালী ফৰ্মত আছে গীল-
শেহতীয়াকৈ ২৫ বছৰীয়া গীল শক্তিশালী ফৰ্মত আছে । ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন এদিনীয়া শৃংখলাত তেওঁ এটা শতক আৰু দুটা অৰ্ধশতক অৰ্জন কৰে । তিনিখন মেচত গড়ে ৮৬.৩৩ আৰু ষ্ট্ৰাইক ৰেট ১০৩.৬০ত ২৫৯ ৰান সংগ্ৰহ কৰে । একে সময়তে শ্ৰেয়াছকো ভাল ফৰ্মত দেখা গৈছিল । তিনিখন মেচত গড়ে ৬০.৩৩ আৰু ষ্ট্ৰাইক ৰেট ১২৩.১৩ত ১৮১ ৰান সংগ্ৰহ কৰে তেওঁ । লগতে ৰোহিতে শতক অৰ্জন কৰি তৃতীয় স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হয় ।
এদিনীয়া বলাৰৰ ভিতৰত প্ৰথম স্থানত তীক্ষনা-
একে সময়তে বলাৰসকলৰ মাজতো এজন নতুন খেলুৱৈয়ে এক নম্বৰ স্থানত উপনীত হৈছে । শ্ৰীলংকাৰ মহেশ তীক্ষনা এদিনীয়া এক নম্বৰৰ নতুন বলাৰ হিচাপে পৰিগণিত হৈছে । তেওঁৰ ৬৮০ ৰেটিং পইণ্ট । একে সময়তে তীক্ষাই আফগানিস্তানৰ ৰছিদ খানক অতিক্ৰম কৰিছে । ৬৬৯ পইণ্টেৰে দ্বিতীয় স্থানলৈ অৱনমিত হৈছে ৰছিদ । ৬৬২ পইণ্টেৰে তৃতীয় স্থানত আছে নামিবিয়াৰ বাৰ্নাৰ্ড শ্ব’লজে । একে সময়তে ভাৰতৰ কুলদীপ যাদৱে এটা স্থান উন্নত কৰি ৬৫২ ৰেটিং পইণ্টেৰে চতুৰ্থ স্থান দখল কৰিছে । তেওঁৰ উপৰিও শীৰ্ষ ১০ ৰ ভিতৰত আছে মহম্মদ চিৰাজ, যি দশম স্থানত আছে । পাকিস্তানৰ শ্বাহীন আফ্ৰিদিয়ে এটা স্থান অৱনমিত হৈ পঞ্চম স্থান লাভ কৰিছে ।
অল ৰাউণ্ডাৰৰ তালিকাত শীৰ্ষ স্থানত আছে নবী-
এদিনীয়া অলৰাউণ্ডাৰৰ ভিতৰত আফগানিস্তানৰ মহম্মদ নবী প্ৰথম স্থান, জিম্বাবুৱেৰ চিকন্দৰ ৰাজা দ্বিতীয়, আফগানিস্তানৰ আজমাতুল্লাহ ওমৰাজাই তৃতীয়, বাংলাদেশৰ মেহদি হাছান মিৰাজ চতুৰ্থ আৰু আফগানিস্তানৰ ৰছিদ খান পঞ্চম স্থানত আছে । শীৰ্ষ দহৰ ভিতৰত একমাত্ৰ ভাৰতীয় খেলুৱৈ ৰবীন্দ্ৰ জাডেজা । তেওঁ দশম স্থান দখল কৰিছে ।