আহমেদাবাদত অনুষ্ঠিত তৃতীয়খন এদিনীয়াত ইংলেণ্ডক ১৪২ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰিছে ভাৰতে । প্ৰথম বেটিং কৰি টিম ইণ্ডিয়াই ৩৫৬ ৰানৰ বিশাল স্ক’ৰ সংগ্ৰহ কৰিছিল, যাৰ প্ৰতিক্ৰিয়া স্বৰূপে সমগ্ৰ ইংলেণ্ড দলটো ২১৪ ৰানতে অল আউট হয় । ভাৰতীয় দলৰ জয়ৰ আটাইতকৈ ডাঙৰ নায়ক আছিল শুভমন গীল, তেওঁ ১১২ ৰানৰ শতকীয় ইনিংছ খেলে । প্ৰতিজন বলাৰে অন্ততঃ এটাকৈ উইকেট লোৱাত টিম ইণ্ডিয়াৰ তৰফৰ পৰা শক্তিশালী বলিং প্ৰদৰ্শনো দেখা যায় ।
আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত খেলা এই মেচখনত ইংলেণ্ডৰ অধিনায়ক জোছ বাটলাৰে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । খেলখনৰ প্ৰথম অভাৰতে তেওঁৰ এই সিদ্ধান্ত ভাল বুলি প্ৰমাণিত হৈছিল কাৰণ অধিনায়ক ৰোহিত শৰ্মাই মাত্ৰ ১ ৰান সংগ্ৰহ কৰি আউট হয় । কিন্তু ইয়াৰ পিছতে শুভমন গীল আৰু বিৰাট কোহলীয়ে ১১৬ ৰানৰ অংশীদাৰিত্ব গঢ়ি ইংলেণ্ডৰ বলিং আক্ৰমণক উফৰাই দিয়ে । শ্ৰেয়াছ আয়াৰৰ সৈতে গীলে ১০৪ ৰান সংগ্ৰহ কৰে । বিৰাট কোহলিয়ে ৫২ ৰান আৰু আয়াৰে ৭৮ ৰানৰ অৱদান আগবঢ়ায় ।
Dominant India seal a thumping 3-0 series sweep ahead of the #ChampionsTrophy 💥#INDvENG 📝: https://t.co/XiJhARNt87 pic.twitter.com/cwptJEbsQL
— ICC (@ICC) February 12, 2025
শুভমন গীলৰ এদিনীয়া কেৰিয়াৰৰ সপ্তমটো শতক-
ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলা আৰম্ভ হোৱাৰ পৰাই শুভমন গীলক শক্তিশোলী ফৰ্মত দেখা গৈছে । প্ৰথমখন মেচত ৮৭ ৰান আৰু তাৰ পিছত কটকত খেলা দ্বিতীয়খন মেচত ৬০ ৰান সংগ্ৰহ কৰে গীলে । অৱশেষত তৃতীয়খন মেচত তেওঁ এদিনীয়া কেৰিয়াৰৰ সপ্তমটো শতক সম্পূৰ্ণ কৰিবলৈ সফল হয় । এদিনীয়া ক্ৰিকেটত ৭ টা শতক অৰ্জন কৰা দ্ৰুততম বেটছমেন গীল । তেওঁ মাত্ৰ ৫০ টা ইনিংছত এই কৃতিত্ব অৰ্জন কৰে ।
ভাৰতীয় বলাৰৰ উজ্জ্বল প্ৰদৰ্শন-
ভাৰতীয় বেটছমেনসকলে প্ৰথমে স্ক’ৰ ব’ৰ্ডত ৩৫৬ ৰানৰ বিশাল ৰান সংগ্ৰহ কৰে আৰু বাকী কাম বলাৰসকলে কৰে । ফিল ছল্ট আৰু বেন ডাকেটে নিয়মিতভাৱে ইংলেণ্ডক শৃংখলাত সুদৃঢ় আৰম্ভণি দিছে যদিও আন বেটছমেনসকলে ইয়াক মূলধন হিচাপে ব্যৱহাৰ কৰিব পৰা নাই । এইবাৰ দুয়োৰে মাজত ৬০ ৰানৰ আৰম্ভণিৰ অংশীদাৰিত্ব আছিল যদিও তাৰ পিছত ভাৰতীয় বলাৰসকলে ইমানেই আধিপত্য বিস্তাৰ কৰিছিল যে ১৫৪ ৰানৰ স্ক’ৰলৈকে ইংলেণ্ডৰ দলৰ আধা অংশই পেভিলিয়নলৈ উভতি আহিছিল ।
ইয়াৰ পৰাই ইংলেণ্ডৰ পৰাজয় নিশ্চিত হৈ পৰে । অধিনায়ক জোছ বাটলাৰৰ ফৰ্মত আছিল যদিও তৃতীয়খন মেচত তেওঁ মাত্ৰ ৬ ৰান সংগ্ৰহ কৰি আউট হয় আৰু জো ৰুটেও ২৪ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে । ভাৰতৰ হৈ অৰ্শদীপ সিং, হৰ্ষিত ৰাণা, অক্ষৰ পেটেল আৰু হাৰ্দিক পাণ্ডিয়াই ২টাকৈ উইকেট দখল কৰে । ৱাশ্বিংটন সুন্দৰ আৰু কুলদীপ যাদৱেও এটাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয় ।