চেম্পিয়নছ ট্ৰফীত পুনৰ পৰাজয়ৰ সন্মুখীন হৈছে ইংলেণ্ড । এইবাৰ দক্ষিণ আফ্ৰিকাই ইংলেণ্ডক ৭ উইকেটত পৰাস্ত কৰিছে । এইদৰে ইংলেণ্ডে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীত জয়ৰ একাউণ্ট খোলাত ব্যৰ্থ হৈ প্ৰতিযোগিতাখনত নিজৰ অভিযান সামৰিছেল । প্ৰতিযোগিতাখনৰ অন্তিমখন লীগ মেচত ইংলেণ্ড দলটোৱে প্ৰথমে বেটিং কৰি মাত্ৰ ১৭৯ ৰানহে কৰিবলৈ সক্ষম হয় । বিপৰীতে দক্ষিণ আফ্ৰিকাই ২৯.১ অভাৰতে মাত্ৰ তিনিটা উইকেট হেৰুৱাই সহজেই এই সহজ লক্ষ্যত উপনীত হয় ।
এই দৰ্শনীয় জয়ৰ জৰিয়তে দক্ষিণ আফ্ৰিকাই গ্ৰুপ বি-ত প্ৰথম স্থান দখল কৰিছে । দক্ষিণ আফ্ৰিকাৰ এই জয়ত চাৰিগৰাকী খেলুৱৈয়ে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই । ইয়াৰ পূৰ্বে মাৰ্কো জেন্সেন আৰু উইয়ান মুল্ডাৰে নিজৰ বলিঙৰ জৰিয়তে বিধ্বংসী ৰূপ ধাৰণ কৰে । তাৰ পাছত ৰাছি ভান ডেৰ ডাচেন আৰু হেনৰিখ ক্লাচেনে নিজৰ বেটিঙেৰে আলোড়নৰ সৃষ্টি কৰে । জেন্সেন আৰু মুল্ডাৰে তিনিটাকৈ উইকেট দখল কৰে । আনহাতে ভেন ডেৰ ডুচেনে অপৰাজিত ৭২ আৰু ক্লাচেনে ৬৪ ৰান সংগ্ৰহ কৰে । দক্ষিণ আফ্ৰিকাই মাত্ৰ ২৯.১ অভাৰতে ইংলেণ্ডে দিয়া ১৮০ ৰানৰ লক্ষ্যত উপনীত হয় ।
১৮০ ৰানৰ লক্ষ্য খেদি দক্ষিণ আফ্ৰিকাই আগতীয়াকৈ প্ৰথমটো উইকেট হেৰুৱাই । ট্ৰিষ্টান ষ্টাবছ অ’পেনিং কৰাৰ সময়ত শূন্যত আউট হয় । অৱশ্যে ৰিয়ান ৰিকোল্টনে নিজৰ স্বাভাৱিক শৈলীত খেলি থাকিল । ২৫টা বলত ৫টা চাৰিৰ সহায়ত ২৭ ৰানৰ ইনিংছ খেলে তেওঁ । ৪৭ ৰানত দুটা উইকেটৰ পতন ঘটে । তাৰ পাছত ৰাছি ভান ডেৰ ডাচেন আৰু হেনৰিখ ক্লাচেনে ১২৭ ৰানৰ অংশীদাৰিত্ব গঢ়ি নিজৰ দলৰ জয় নিশ্চিত কৰে ।
৮৭টা বলত ৭২ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ভেন ডেৰ ডুচেন । তেওঁৰ বেটৰ পৰা ৬টা চাৰি আৰু ৩টা ছয় আহে । আনহাতে ক্লাচেনে মাত্ৰ ৫৬টা বলত ১১টা চাৰিৰ সহায়ত ৬৪ ৰানৰ ইনিংছ খেলে । শেষত ডেভিদ মিলাৰে ছয় কোবাই দলটোক জয় প্ৰদান কৰে । দুটা বলত ৭ ৰানত অপৰাজিত হৈ থাকে তেওঁ ।
উল্লেখ্য যে, ইংলেণ্ড দলে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীত জয়ৰ একাউণ্ট খুলিব নোৱাৰিলে । ইংলেণ্ডে তিনিওখন মেচতে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় । প্ৰথমে ইংলেণ্ড অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হয়, তাৰ পিছত আফগানিস্তানে আৰু এতিয়া দক্ষিণ আফ্ৰিকাইও তেওঁলোকক পৰাস্ত কৰে ।