আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ আজিৰ খেলখনত ভাৰতীয় দলটোৱে এক বৃহৎ জয় লাভ কৰিছে। ডুবাইত খেলা অন্তিমখন লীগ খেলত টীম ইণ্ডিয়াই নিউজিলেণ্ডক ৪৪ ৰাণত পৰাস্ত কৰিছে।
ইয়াৰ সৈতে, ভাৰতে ছেমিফাইনেলত অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব।আনহাতে নিউজিলেণ্ডৰ দলটোৱে ছেমিফাইনেলত দক্ষিণ আফ্ৰিকাৰ সৈতে খেলিব।
ভাৰতীয় দলটোৱে ৪ মাৰ্চত ডুবাইত ছেমিফাইনেলত বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব।আনহাতে দ্বিতীয় খন ছেমিফাইনেল ৫ মাৰ্চত লাহোৰত নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত খেলা হ’ব।
টছত পৰাজিত হৈ প্ৰথমে বেটিং কৰাৰ পিছত ভাৰতীয় দলে ২৫০ ৰাণৰ লক্ষ্য বান্ধি দিছিল নিউজিলেণ্ডৰ দলটোক। কিন্তু ভাৰতীয় দলৰ বলাৰৰ হাতত ধৰাশায়ী হ’ল কিৱি বাহিনী।
বলাৰসকলৰ ভিতৰত মেট হেনৰীৰ অসামান্য প্ৰদৰ্শনৰ নেতৃত্বত নিউজিলেণ্ডে ভাৰতক ৯ উইকেটত ২৪৯ ৰাণত সীমিত ৰাখে।
হেনৰীয়ে আঠ অভাৰত ৪২ ৰাণত পাঁচটা উইকেট দখল কৰিছিল। ইফালে বৰুণে ১০ অভাৰত ৪২ ৰাণত ৫ টা উইকেট দখল কৰিছিল।