আই পি এলত পুনৰ অধিনায়ক হিচাপে দেখা যাব এম এছ ধোনীক। ২০২৩ চনত ধোনীৰ অধিনায়কত্বত চেন্নাইয়ে আই পি এল খিতাপ দখল কৰে।
তেতিয়াৰ পৰাই এম এছ ধোনীয়ে ধাৰাবাহিকভাৱে আই পি এল খেলি আহিছে, কিন্তু তেওঁক কেৱল খেলুৱৈ হিচাপেহে দেখা যায়।
কিন্তু এতিয়া চলিত বৰ্ষৰ আই পি এলৰ বাকী থকা মেচসমূহত পুনৰ দলটোক নেতৃত্ব দিব এম এছ ধোনীয়ে।ইফালে খবৰ আহিছে যে ৰুতুৰাজ গাইকৱাদ সমগ্ৰ চিজনটোৰ পৰা বাহিৰ হৈছে।জানিব পৰা মতে যে তেওঁৰ কিলাকুটিৰ হাড় ফাটিছে।

চেন্নাই ছুপাৰ কিংছৰ দলটোৱে এইবাৰ আই পি এলত এতিয়ালৈকে পাঁচখন খেল খেলিছে।ইয়াৰে দলটোৱে মাত্ৰ এখন খেলতে জয়লাভ কৰিবলৈ সক্ষম হৈছে।
প্ৰথমখন খেলত চেন্নাইয়ে মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰে, ইয়াৰ পিছত দলটোৱে চাৰিখন বেক টু বেক মেচত পৰাস্ত হৈছে।দলটোৰ হাতত আছে মাত্ৰ দুটা পইণ্ট।পইণ্ট টেবুলৰ নৱম স্থানত সংগ্ৰাম কৰি আছে দলটোৱে।
দলটোৰ শীৰ্ষ ৪ স্থানত প্ৰৱেশৰ সম্ভাৱনা এতিয়া ম্লান হৈ অহা যেন লাগে।অৱশ্যে ইয়াৰ পৰা দলটোৱে যদি জয়ৰ ৰথত উঠি যায়, তেন্তে সেয়া কঠিন কাম নহ’ব, কিন্তু সেয়াও সহজ হ’ব নোৱাৰে।