বিশ্বৰ দুই শক্তিশালী দেশ আমেৰিকা আৰু চীনৰ মাজত চলি আছে বৃহৎ বাণিজ্যিক যুদ্ধ । ইয়াৰ পূৰ্বে আমেৰিকাই চীনৰ ওপৰত ১০৪ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছিল । আমেৰিকাৰ এই সিদ্ধান্তৰ পিছত চীনেও আগ্ৰাসী স্থিতি গ্ৰহণ কৰি আমেৰিকাৰ ওপৰত ৮৪ শতাংশ প্ৰতিশোধমূলক শুল্ক আৰোপ কৰে । অৱশ্যে এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এনে পদক্ষেপ গ্ৰহণ কৰিছে য’ত চীন আবদ্ধ হৈ পৰিছে । এতিয়া আমেৰিকাই চীনৰ পৰা অহা প্ৰতিটো বস্তুৰ ওপৰত ১২৫ শতাংশ শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বিপৰীতে আন ৭৫খন দেশৰ ওপৰত আৰোপ কৰা শুল্ক আগন্তুক ৯০ দিনৰ বাবে সকাহ প্ৰদান কৰিছে ।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত চীনৰ বিৰুদ্ধে ১২৫ শতাংশ শুল্ক ঘোষণা কৰিছে ড’নাল্ড ট্ৰাম্পে । ট্ৰাম্পৰ পাৰস্পৰিক শুল্ক নীতি অনুসৰি যদি কোনো দেশে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰে তেন্তে আমেৰিকাইও একে অনুপাতত শুল্ক আৰোপ কৰিব । অৱশ্যে এতিয়া ইয়াৰ বোজা আটাইতকৈ বেছি বহন কৰিছে চীনে ।
আমেৰিকাক লুটপাত কৰাৰ সময় শেষ হ’ল : ট্ৰাম্প
ট্ৰাম্পে চীনক আমেৰিকাৰ বজাৰ শোষণ কৰাৰ অভিযোগ উত্থাপন কৰে । তেওঁ কয় যে এতিয়া সময় আহি পৰিছে যেতিয়া চীনে বুজিব লাগিব যে আমেৰিকাক লুটপাতৰ সময় শেষ হৈছে । ট্ৰাম্পে ২ এপ্ৰিলত ৭৫খন দেশৰ ওপৰতো পাৰস্পৰিক শুল্ক আৰোপ কৰিছিল যদিও এতিয়া তেওঁ ৯০ দিনৰ বাবে এই শুল্ক বন্ধ কৰি দিছে । আমেৰিকাই এই কাম কৰিছিল কাৰণ এই দেশসমূহে কোনো প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ কৰা নাছিল আৰু শুল্ক বিষয়ত আমেৰিকাৰ সৈতে আলোচনা কৰিবলৈ সাজু হোৱা দেখা গৈছিল । আমেৰিকাই দাবী কৰিছিল যে ভাৰতকে ধৰি বিশ্বৰ ৫০খন দেশে তেওঁলোকৰ সৈতে শুল্ক সন্দৰ্ভত কথা পাতিব বিচাৰে ।
আমেৰিকা-চীনৰ সংঘৰ্ষ-
ট্ৰাম্পৰ নীতিৰ পৰা স্পষ্ট যে আমেৰিকাৰ মূল বিৰোধী চীন । এফালে চীনে নিজকে বিশ্বৰ নেতা হিচাপে উপস্থাপন কৰি থকাৰ বিপৰীতে আনফালে ট্ৰাম্পে পৃথক কৰাৰ পদক্ষেপ লৈছে । আমেৰিকাই গধুৰ শুল্ক আৰোপ কৰাৰ বাবে চীনৰ পৰা সস্তীয়া সামগ্ৰীৰ যোগান বন্ধ হৈ যাব । চীনৰ ৰপ্তানি অৰ্থনীতিত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিব ।