চীনে নিজৰ মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ কৰিলে তিনিজন নতুন মহাকাশচাৰী, যিয়ে ছমাহ ধৰি তাত থকা মহাকাশচাৰীৰ স্থান ল’ব।মহাকাশচাৰীসকলক ষ্টেচনলৈ উৎক্ষেপণৰ কাৰ্যসূচী টেলিভিছন পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয়।
চীনৰ জিউকুৱান উপগ্ৰহ উৎক্ষেপণ কেন্দ্ৰৰ পৰা যাত্ৰীসহ শ্বেনঝৌ-২০ মহাকাশযানখনে উৰা মাৰিছিল।মহাকাশযানখনত চেন ডং, চেন ঝংগ্ৰুই আৰু ৱাং জি নামৰ তিনিজন মহাকাশচাৰী আছে।

চলিত বৰ্ষৰ অক্টোবৰৰ শেষৰ ফালে উত্তৰ চীনৰ ডংফেং লেণ্ডিং ছাইটলৈ উভতি অহাৰ কথা। নতুন ক্ৰু মেম্বাৰসকল ষ্টেচনত প্ৰৱেশ কৰাৰ পিছত,আন তিনিজন সদস্য ২৯ এপ্ৰিলত পৃথিৱীলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে।
চীন মানৱ মহাকাশ সংস্থাৰ মুখপাত্ৰ লিন জিকিয়াঙে সংবাদ মাধ্যমৰ আগত কয় যে এই দলটোৱে জেব্ৰাফিছ, প্লেনেৰিয়ান আৰু ষ্ট্ৰেপ্ট’মাইছক লৈ নতুন জীৱবিজ্ঞান পৰীক্ষা কৰিব।
লিনে কয় যে চীনে প্ৰথমবাৰৰ বাবে মহাকাশত ‘প্লেনেৰিয়ান’ৰ পুনৰুৎপাদনৰ ওপৰত গৱেষণা কৰিব।
‘প্লেনৰিয়ান’ হৈছে চীনৰ মহাকাশ কেন্দ্ৰলৈ অনা এক নতুন জীৱ। ই অংগ-প্ৰত্যংগ পুনৰুৎপাদনৰ কৰাৰ অসাধাৰণ ক্ষমতাৰ বাবে জনাজাত।লিনে কয় যে এই গৱেষণাই ব্যক্তিগত পৰ্যায়ত পুনৰুৎপাদনৰ মৌলিক ব্যৱস্থাৰ বিষয়ে বুজাবুজিক আগুৱাই নিব।