চীনত আৱিস্কৃত হৈছে বিশ্বৰ সৰ্ববৃহৎ সোণৰ ভাণ্ডাৰ । মধ্য চীনৰ ৱাংগু গল্ড ফিল্ডত চীনে এই সোণৰ মজুত বিচাৰি পাইছে । এটা অনুমান অনুসৰি ইয়াত প্ৰায় ১০০০ মেট্ৰিক টন উচ্চমানৰ সোণ থাকিব পাৰে বুলি দাবী কৰা হৈছে । চীনৰ চৰকাৰী সংবাদ মাধ্যমৰ মতে, এই সোণৰ ভাণ্ডাৰৰ মূল্য প্ৰায় ৮৩ আৰৱ ডলাৰ ।
প্ৰাৰম্ভিক খননতেই পোৱা গৈছে ৩০০ টন সোণ
খবৰ অনুসৰি পিগজিয়াং কাউন্টিৰ উত্তৰ-পূবত প্ৰায় ২ কিলোমিটাৰ গভীৰতাত ৪০টা সোণৰ মজুতৰ বিষয়ে তথ্য আৱিষ্কাৰ কৰা হৈছে । এই খনিসমূহৰ পৰাই প্ৰাৰম্ভিক খননতে ৩০০ টন সোণ পোৱা গৈছে । গভীৰলৈ গৈ অধিক সোণৰ মজুত পোৱাৰ সম্ভাৱনা আছে বুলি ধাৰণা কৰা হৈছে ।
অধিক সোণৰ মজুত বিচাৰি পোৱাৰ সম্ভাৱনা-
কেইবাটাও ড্ৰিলৰ সময়ত শিলত সোণ স্পষ্টকৈ দেখা গৈছিল । ইয়াৰ উপৰিও ড্ৰিল ছাইটৰ পেৰিফেৰেল এলেকাৰ আশে-পাশেও সোণ পোৱা গৈছে । ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে অধিক খনন কৰিলে বৃহৎ সোণৰ মজুত আৱিস্কৃত হ’ব পাৰে । যদিহে সোণৰ মজুত সম্পূৰ্ণৰূপে উদ্ধাৰ হয় তেন্তে ইয়াৰ পৰা ৬০০ বিলিয়ন ইউয়ানতকৈ অধিক বা প্ৰায় ৬৫ বিলিয়ন পাউণ্ড (প্ৰায় ৬,৯১,৪৭৩ কোটি টকা) আয় হ’ব পাৰে ।
বিশ্বৰ প্ৰায় ১০% সোণৰ উৎপাদন চীনত হয়-
শেহতীয়া খবৰ অনুসৰি ২০২৩ চনৰ ভিতৰত চীনে বিশ্বৰ প্ৰায় ১০% সোণ উৎপাদন কৰে । খনন আৰু ধাতু উৎপাদন (ইলেক্ট্ৰনিকছ আৰু বেটাৰী প্ৰযুক্তি)ৰ ক্ষেত্ৰত চীন অন্যতম আগশাৰীৰ দেশ । ইয়াৰ উপৰিও খনন প্ৰক্ৰিয়াৰ পৰা কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ প্ৰচেষ্টাকে ধৰি খনন প্ৰযুক্তিৰ বিকাশ আৰু ৰপ্তানিৰ ক্ষেত্ৰত চীনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে । উল্লেখ্য যে এই সোণৰ খনিটোক বৰ্তমানলৈকে আৱিস্কৃত সৰ্ববৃহৎ সোণৰ খনি হিচাপে ধাৰণা কৰা হৈছে ।