টীম ইণ্ডিয়াৰ কিংবদন্তি খেলুৱৈ বিৰাট কোহলী বৰ্তমান অষ্ট্ৰেলিয়া ভ্ৰমণত আছে। তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় টেষ্ট মেচত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে। এতিয়া, কোহলীৰ সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ বাতৰি ওলাইছে।
জানিব পৰা মতে ভাৰত এৰি বৃটেইনৰ নাগৰিকত্ব গ্ৰহণৰ দিশে আগবাঢ়িছে টীম ইণ্ডিয়াৰ কিংবদন্তি বিৰাট কোহলী। অতি শীঘ্ৰে পত্নী অনুষ্কা শৰ্মা আৰু দুই সন্তান বামিকা আৰু আকায়ৰ সৈতে ভাৰত এৰি লণ্ডনলৈ যাব ক্ৰিকেটাৰগৰাকী।
এই কথা নিশ্চিক কৰিছে বিৰাট কোহলিৰ শৈশৱৰ প্ৰশিক্ষক ৰাজকুমাৰ শৰ্মাই। ক্ৰিকেটৰ পৰা অৱসৰৰ পিছত লণ্ডনত থকাৰ পৰিকল্পনা বিৰাট কোহলীৰ।
ৰাজকুমাৰ শৰ্মাই এটা সাক্ষাৎকাৰত কয় যে “বিৰাটে তেওঁৰ পৰিয়ালৰ সৈতে সোনকালেই ভাৰত এৰি লণ্ডনৰ বাসিন্দা হোৱাৰ পৰিকল্পনা কৰিছে।তেওঁ দুয়োটি সন্তানক এক উন্নত জীৱনশৈলী আৰু পৰিৱেশ প্ৰদান কৰিব বিচাৰে, যাৰ বাবে এই সিদ্ধান্ত লৈছে”।
কোহলী আৰু অনুষ্কা লণ্ডনলৈ যোৱাৰ বিষয়ে আলোচনা কিছু সময়ৰ পৰা চলিয়েই আছে। অৱশ্যে, এই সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা হোৱা নাছিল।
কিন্তু প্ৰথমবাৰৰ বাবে, কোনোবাই কোহলীয়ে চিৰদিনৰ বাবে ভাৰত এৰি য়োৱাৰ বিষয়ে মন্তব্য কৰিছে। বিৰাট কোহলীৰ নতুন ঘৰ লণ্ডনত হ’ব। অৱশ্যে, তেওঁ এতিয়ালৈকে এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া দিয়া নাই।