নতুন চাকৰি পাবলৈ চাকৰিৰ সাক্ষাৎকাৰ পাছ কৰাটো প্ৰতিজন প্ৰাৰ্থীৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ । সাক্ষাৎকাৰটোত আপোনাৰ দক্ষতা আৰু আত্মবিশ্বাস সঠিকভাৱে উপস্থাপন কৰাটো সফলতাৰ মূল চাবিকাঠি । বিশেষজ্ঞসকলৰ মতে, কিছুমান কৌশল তথা পৰিকল্পনা গ্ৰহণ কৰি আপুনি কেৱল সাক্ষাৎকাৰ লওঁতাক প্ৰভাৱিত কৰাই নহয়, লগতে আপোনাৰ চাকৰি পোৱাৰ সম্ভাৱনাও বৃদ্ধি কৰিব পাৰে ।
জানক এনে ৬টা টিপছ যিয়ে আপোনাৰ সফলতা নিশ্চিত কৰিব পাৰে-
কোম্পানী আৰু আপোনাৰ ভূমিকা সম্পৰ্কে সম্পূৰ্ণ তথ্য লাভ জানি লওক-
যিকোনো সাক্ষাৎকাৰলৈ যোৱাৰ পূৰ্বে সেই কোম্পানীটোৰ বিষয়ে জানি লোৱাটো অতি প্ৰয়োজনীয় । কোম্পানীটোৰ পটভূমি, তেওঁলোকৰ প্ৰকল্প আৰু আপোনাৰ ভূমিকা বুজিলে আপোনাক আত্মবিশ্বাসেৰে প্ৰশ্নৰ উত্তৰ দিয়াত সহায় কৰিব ।
নিজৰ দক্ষতাৰ ওপৰত গুৰুত্ব দিয়ক-
সাক্ষাৎকাৰ লোৱাজনক আপোনাৰ অৰ্হতা আৰু দক্ষতাৰ বিষয়ে কওক । আপুনি সাক্ষাৎকাৰ লোৱা কামটোত আপোনাৰ দক্ষতাই আপোনাক কেনেদৰে সহায় কৰিব পাৰে, সেই বিষয়ে মনোযোগ দিয়ক । আপোনাৰ অতীতৰ কৃতিত্বক উদাহৰণ হিচাপে উপস্থাপন কৰক ।
সঠিক শৰিৰীক ভাষা ব্যৱহাৰ কৰক-
আপোনাৰ শৰীৰৰ ভাষা অথবা বডি লেংগুৱেজে আপোনাৰ ব্যক্তিত্বক প্ৰতিফলিত কৰে । সাক্ষাৎকাৰত পোনে পোনে বহি চকুৰ সংস্পৰ্শত কথা পাতক আৰু আত্মবিশ্বাসেৰে উত্তৰ দিয়ক । ইয়াৰ ফলত আপোনাৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰিব ।
স্মাৰ্ট প্ৰশ্ন সোধক-
সাক্ষাৎকাৰৰ শেষত যেতিয়া প্ৰশ্ন কৰাৰ সুযোগ পাব তেতিয়া স্মাৰ্ট আৰু চিন্তাশীল প্ৰশ্ন কৰক । ইয়াৰ ফলত সাক্ষাৎকাৰ লোৱাজনে অনুভৱ কৰিব যে আপুনি কামটোৰ বিষয়ে ইতিবাচক আৰু জ্ঞানী ।
সময়ৰ প্ৰতি ধ্যান দিয়ক-
সময়মতে উপস্থিত হোৱাটোও আপোনাৰ অনুশাসন আৰু সময় ব্যৱস্থাপনাৰ প্ৰমাণ । সময়মতে সাক্ষাৎকাৰত উপস্থিত হ’লে আপুনি নিজৰ আত্মবিশ্বাস বজাই ৰাখিব পাৰে আৰু যিকোনো অপ্ৰীতিকৰ ঘটনাৰ পৰা হাত সাৰিব পাৰে ।
ফ’ল’ আপ কৰিবলৈ নাপাহৰিব-
সাক্ষাৎকাৰৰ পিছত কোম্পানীলৈ ধন্যবাদ পত্ৰ প্ৰেৰণ কৰিলে আপোনাৰ পেছাদাৰিত্ব প্ৰকাশ পায় । এই সৰু পদক্ষেপটোৱে সাক্ষাৎকাৰ লোৱাজনক আপ্লুত কৰিব পাৰে আৰু আপোনাক আন প্ৰাৰ্থীৰ পৰা পৃথক কৰিব পাৰে ।