বৃহস্পতিবাৰে পুৱা চাইবাৰ আক্ৰমণৰ বলি হয় জাপান এয়াৰলাইন্স । ইয়াৰ বাবে বৃহৎ সংখ্যক ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাত প্ৰভাৱ পৰিব পাৰে । ইতিমধ্যে বন্ধ কৰা হৈছে টিকটৰ বিক্ৰী ।
বৃহস্পতিবাৰে পুৱা প্ৰায় ৭.৩০ বজাত সংঘটিত হয় এই চাইবাৰ আক্ৰমণ । ইয়াৰ বাবে বিমান সংস্থাসমূহৰ আভ্যন্তৰীণ আৰু বাহ্যিক ব্যৱস্থাত প্ৰভাৱ পৰিছে । এই চাইবাৰ আক্ৰমণৰ কথা নিশ্চিত কৰিছে বিমান সংস্থাৰ মুখপাত্ৰই । কিন্তু তেওঁ কয় যে বৰ্তমান কোনো ধৰণৰ বিমান পলম বা বাতিলৰ কোনো আপডেট নাই ।
জাপান টুডেৰ এক প্ৰতিবেদন অনুসৰি, চাইবাৰ আক্ৰমণৰ বাবে জাপান এয়াৰলাইন্সৰ ৯খন ঘৰুৱা বিমান সেৱাত পলম হৈছে । বিমান সংস্থাটোৱে এক বিবৃতিত কয় যে আমি চাইবাৰ আক্ৰমণ ধৰা পেলাইছো । আমি চিষ্টেমৰ পুনৰুদ্ধাৰৰ অৱস্থা পৰীক্ষা কৰি আছো । ইফালে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমানৰ টিকটৰ বিক্ৰী বন্ধ কৰা হৈছে । ইয়াৰ ফলত হোৱা অসুবিধাৰ বাবে আমি ক্ষমা বিচাৰিছো ।
ইফালে চাইবাৰ আক্ৰমণৰ বাবে বিমান সংস্থাসমূহে টিকট বিক্ৰী বন্ধ কৰি দিয়া বুলি কৈছে । উল্লেখ্য যে জাপান এয়াৰলাইন্স হৈছে দেশখনৰ দ্বিতীয় বৃহত্তম বিমান কোম্পানী ।