চতুৰ্থবাৰৰ বাবে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে হেমন্ত সোৰেনে। ৰাঁচীৰ মৰহাবাদী ময়দানত অনুষ্ঠিত এক বিশাল অনুষ্ঠানত শপত বাক্য পঢ়ে হেমন্ত সোৰেনে।
বিৰোধী দলসমূহৰ বিশিষ্ট নেতাসকলেও ইয়াত অংশগ্ৰহণ কৰিছিল।ৰাজ্যপাল সন্তোষ গাংৱাৰে পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰোৱাই।
নতুন ঝাৰখণ্ড মুক্তি মৰ্চা (জেএমএম) নেতৃত্বাধীন ইণ্ডিয়া ব্লকে শেহতীয়াকৈ সমাপ্ত বিধানসভা নিৰ্বাচনত বিপুল বিজয় লাভ কৰাৰ পাঁচ দিন পিছত চৰকাৰ গঠন কৰে।
শপত গ্ৰহণ অনুষ্ঠানত ইণ্ডিয়া ব্লকৰ নেতাসকলৰ উপস্থিতিয়ে মিত্ৰতাৰ ঐক্য প্ৰদৰ্শন কৰে।ঝাৰখণ্ডৰ চতুৰ্দশ মুখ্যমন্ত্ৰী হিচাপে হেমন্ত সোৰেনে ৰাজ্যখনৰ উন্নয়নৰ বাবে আৰু জনসাধাৰণৰ স্বাৰ্থত কাম কৰাৰ সংকল্প লয়।