উত্তৰ প্ৰদেশৰ হাৰদোই জিলাত দীপাৱলীৰ নিশাই সংঘটিত হ’ল এক আমোদজনক ঘটনা। কোতৱালী চহৰৰ মান্না পুৰৱাৰ বাসিন্দা বিজয় বাৰ্মাই বৃহস্পতিবাৰে নিশা ফোন কৰিলে আৰক্ষীক। ফোন কৰি আৰক্ষীক জনালে যে তেওঁৰ ঘৰত সংঘটিত হৈছে চুৰিকাণ্ড। তথ্য পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু বিজয়ক সোধপোছ কৰে।সোধাপোছাৰ অন্তত আৰক্ষীক বিজয়ে জানিবলৈ দিয়ে যে আলু কেইটা সিজাই তাৰ বাকলি গুচাই ঘৰৰ পৰা ওলাই গৈছিল । কিন্তু উভতি আহি দেখে যে পাকঘৰৰ পৰা নোহোৱা হ’ল সিজাই থোৱা আলু কেইটা।সুৰাৰ ৰাগীত থকা বিজয়ে সেয়ে খঙতে ফোন কৰিলে আৰক্ষীক। বিজয়ৰৰ কথা শুনি মুৰে কপালে হাত দিলে আৰক্ষীয়ে।
