আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ উদ্বোধনী খেলখন পাকিস্তান আৰু নিউজিলেণ্ডৰ মাজত খেলা হৈছিল। মহম্মদ ৰিজৱানৰ অধিনায়কত্বত পাকিস্তান দলটোৰ বাবে আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ আৰম্ভণি একেবাৰে ভাল নহয়।
এই খেলখন কৰাচীৰ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। খেলখনত নিউজিলেণ্ডে আয়োজক পাকিস্তানক ৬০ ৰাণত পৰাস্ত কৰে।পাকিস্তানে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল।
প্ৰতিযোগিতাখন পাকিস্তানৰ দ্বাৰা আয়োজন কৰা হৈছে। এই পৰিস্থিতিত, ঘৰৰ মাটিতেই এই পৰাজয় পাকিস্তানৰ দলটোৰ অনুৰাগীসকলৰ বাবে মোক্ষম আঘাত আছিল।
মেচখনত টছত পৰাজিত হৈ প্ৰথমে বেটিং কৰাৰ পিছত নিউজিলেণ্ডৰ দলটোৱে পাকিস্তানক ৩২১ ৰাণৰ লক্ষ্য বান্ধি দিছিল ।ইয়াৰ প্ৰত্যুত্তৰত পাকিস্তানী দলটো মাত্ৰ ৪৭.২ অভাৰত অল আউট হৈ ২৬০ ৰাণ সংগ্ৰহ কৰে ।
দলটোৰ হৈ বাবৰ আজম আৰু খুছদিল শ্বাহে অৰ্ধশতক অৰ্জন কৰিছিল।কিন্তু কেপ্টেইন মহম্মদ ৰিজৱানে ১৪ টা বলত মাত্ৰ ৩ ৰাণ সংগ্ৰহ কৰাৰ পিছতেই কেচ আউট হৈছিল।মুঠতে ঘৰৰ মাটিতেই শোচনীয় পৰাজয় বৰণ কৰিলে আয়োজন পাকিস্তানৰ দলটোৱে।