মঙলবাৰে দিল্লী বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে নিৰ্বাচন আয়োগে । ২০২৫ চনৰ ৫ ফেব্ৰুৱাৰীত দিল্লীৰ ৭০খন বিধানসভা আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । ৮ ফেব্ৰুৱাৰীত ভোটগণনা হ’ব আৰু ইয়াৰ লগে লগে স্পষ্ট হ’ব যে দিল্লীত পৰৱৰ্তী চৰকাৰ কোনে গঠন কৰিব ?
দিল্লীৰ নিৰ্বাচনৰ সময়সূচী-
নিৰ্বাচনৰ অধিসূচনা- ১০ জানুৱাৰী
মনোনয়নৰ শেষ তাৰিখ- ১৭ জানুৱাৰী
মনোনয়ন পত্ৰ পৰীক্ষণ- ১৮ জানুৱাৰী
মনোনয়ন প্ৰত্যাহাৰৰ শেষ তাৰিখ- ২০ জানুৱাৰী
ভোটদানৰ তাৰিখ- ৫ ফেব্ৰুৱাৰী
গণনাৰ তাৰিখ- ৮ ফেব্ৰুৱাৰী
‘পৃথিৱীৰ দেশসমূহত মাহজুৰি গণনা চলে’
মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে আমাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছিল যে সন্ধিয়া ৫ বজাৰ পিছত ভোটদানৰ সংখ্যা কেনেকৈ বৃদ্ধি পায় ? কোটি কোটি ভোট কেনেকৈ বৃদ্ধি পায় ? এই কথা মনত ৰাখিব লাগিব যে খণ্ড দণ্ডাধীশসকলে পুৱা ৯:৩০ বজা, ১১:৩০ বজা, দুপৰীয়া ১:৩০, ৩:৩০ বজা আৰু সন্ধিয়া ৫:৩০ বজাৰ ভিতৰত ভোটদানৰ তথ্য সংগ্ৰহ কৰে । ভোটদান শেষ হোৱাৰ সময়ত প্ৰপত্ৰ ১৭-চি দিয়া হয় । সন্ধিয়া ৭:৩০ বজাৰ ভিতৰত যেতিয়া বিষয়াজনে সকলো মেচিন সংগ্ৰহ কৰে, তেতিয়া তেওঁৰ ভোটগ্ৰহণ কেন্দ্ৰৰ চূড়ান্ত পৰিসংখ্যা জনা যায়, আনহাতে আমাক ৬ বজাত সংখ্যাটো দিবলৈ কোৱা হয় । মানুহে পাহৰি যায় যে পৃথিৱীৰ ডাঙৰ ডাঙৰ দেশবোৰত এমাহ পৰ্যন্ত ভোট গণনা চলি থাকে ।
চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ-
যোৱা সোমবাৰে দিল্লী বিধানসভা নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিছিল নিৰ্বাচন আয়োগে । এই নিৰ্বাচনত প্ৰায় দুই লাখ ভোটাৰৰ বয়স ১৮ৰ পৰা ১৯ বছৰৰ ভিতৰত । বিধানসভা নিৰ্বাচনত তেওঁলোকে প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ প্ৰয়োগ কৰিব । এই তালিকাত মুঠ ১,৫৫,২৪,৮৫৮ জন ভোটাৰ আছে । পুৰুষ ভোটাৰৰ সংখ্যা ৮৫,৪৯,৬৪৫ জন, আনহাতে মহিলা ভোটাৰৰ সংখ্যা ৭১,৭৩,৯৫২ গৰাকী । তৃতীয় লিংগৰ লোকৰ সংখ্যা ১২৬১ গৰাকী ।