বিপদত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু। ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে জাৰি কৰা হ’ল গ্ৰেপ্তাৰী পৰোৱানা। লেবানন আৰু পেলেস্তাইনত চলাই থকা অভিযানৰ বাবেই জাৰি কৰা হৈছে এই ARREST WARRENT।
ICCৰ তৰফৰ পৰা জাৰি কৰা হ’ল এই গ্ৰেপ্তাৰী পৰোৱানা। আমেৰিকাৰ বাধাৰ পাছতো আন্তঃৰাষ্ট্ৰীয় আদালতে জাৰি কৰিলে এই গ্ৰেপ্তাৰী পৰোৱানা।
নেতান্যাহুৰ লগতে ইজৰাইলৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী গালাণ্টৰ বিৰুদ্ধেও জাৰি কৰা হ’ল গ্ৰেপ্তাৰী পৰোৱানা।যুদ্ধ আৰু মানৱ বিৰোধী অপৰাধৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে জাৰি কৰা হ’ল গ্ৰেপ্তাৰী পৰোৱানা।
আন্তঃৰাষ্ট্ৰীয় আদালতে অগ্ৰাহ্য কৰিলে ইজৰাইলৰ আবেদন। যিকোনো মুহুৰ্তত বিশ্বৰ আন প্ৰান্তত থকা নেতান্যাহু গ্ৰেপ্তাৰৰ সন্মুখীন হ’ব পাৰে।ইজৰাইল এৰি আন দেশলৈ যোৱাটোৱে নেতান্যাহুৰ বাবে এতিয়া বিপদ হৈছে।