আঠ বছৰৰ মূৰত অনুষ্ঠিত হ’বলৈ যোৱা চেম্পিয়নছ ট্ৰফী প্ৰতিযোগিতাৰ বাবে ঘোষণা কৰা হৈছে ভাৰতীয় দল । শনিবাৰে মুখ্য নিৰ্বাচক অজিত আগৰকাৰ আৰু অধিনায়ক ৰোহিত শৰ্মাই মুম্বাইত সংবাদমেলৰ জৰিয়তে দল ঘোষণা কৰে । ১৫ জনীয়া দলটোত আছে ৭ জন বেটছমেন, ৪ জন অল ৰাউণ্ডাৰ আৰু ৪ জন বলাৰ । ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া চেম্পিয়নছ ট্ৰফী প্ৰতিযোগিতাখনৰ বিপৰীতে ৯ মাৰ্চত অনুষ্ঠিত হ’ব চূড়ান্ত খেল । এই প্ৰতিযোগিতাখন হাইব্ৰিড মডেলত অনুষ্ঠিত হ’ব । পাকিস্তানৰ বাহিৰেও ডুবাইত অনুষ্ঠিত হ’ব ইয়াৰ মেচ ।
ভাৰতে নিজৰ সকলো খেল ডুবাইত খেলিব, আনহাতে আন দলসমূহে পাকিস্তানত খেলিব । ডিফেণ্ডিং চেম্পিয়ন পাকিস্তান, নিউজীলেণ্ড আৰু বাংলাদেশৰ লগতে ভাৰতক গ্ৰুপ এত স্থান দিয়াৰ বিপৰীতে অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, আফগানিস্তান আৰু ইংলেণ্ড গ্ৰুপ বিত আছে । এই প্ৰতিযোগিতাত ভাৰতৰ যাত্ৰা সহজ নহ’ব কাৰণ এই টুৰ্ণামেন্টত পাকিস্তান আৰু নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ অভিলেখ বিশেষ সন্তোষজনক নহয় । পাকিস্তানৰ বিৰুদ্ধে ভাৰত এই প্ৰতিযোগিতাত জয়ী হোৱাতকৈ অধিক মেচত পৰাস্ত হৈছে ।
পাকিস্তান-
২৩ ফেব্ৰুৱাৰীত মুখামুখি হ’ব চিৰ প্ৰতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তান । এই মেচখন ডুবাইত অনুষ্ঠিত হ’ব । অৱশ্যে এই মিনি বিশ্বকাপত ভাৰতীয় দলটোৱে পাকিস্তানৰ বিৰুদ্ধে জয়তকৈ বেছি পৰাজয়ৰ সন্মুখীন হৈছে । এই প্ৰতিযোগিতাত দুয়োটা দলে ৫ বাৰ মুখামুখি হৈছে আৰু ইয়াৰে দুখনত জয়লাভ কৰিছে টিম ইণ্ডিয়াই । তিনিবাৰকৈ পৰাজয়ৰ সন্মুখীন হৈছে ভাৰত । ইয়াৰ ভিতৰত ২০১৭ চনৰ চেম্পিয়নছ ট্ৰফীৰ ফাইনেলো অন্তৰ্ভুক্ত । কিন্তু আই চি চিৰ সকলো ধৰণৰ প্ৰতিযোগিতা অৰ্থাৎ চেম্পিয়নছ ট্ৰফী, এদিনীয়া বিশ্বকাপ, টি-২০ বিশ্বকাপ আৰু বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত দুয়োটা দলৰ অভিলেখৰ কথা ক’বলৈ গ’লে, তেন্তে ২১ বাৰ সংঘৰ্ষ হৈছে ।
ইয়াৰে ভাৰতে ১৬খন মেচত জয়লাভ কৰাৰ বিপৰীতে পাকিস্তানে চাৰিখন মেচত জয়লাভ কৰিছে । এখন মেচ টাই হয় । শেষবাৰৰ বাবে ভাৰতে ২০২১ চনত আই চি চি টুৰ্ণামেণ্টত পাকিস্তানৰ হাতত পৰাজিত হৈছিল, যেতিয়া বাবৰ আজমৰ দলে টি-২০ বিশ্বকাপত কোহলীৰ দলক ১০ উইকেটত পৰাস্ত কৰিছিল । এদিনীয়াত সামগ্ৰিক অভিলেখৰ ক্ষেত্ৰত, ভাৰত আৰু পাকিস্তানে মুঠ ১৩৫ বাৰ মুখামুখি হৈছে । ভাৰতে ৫৭ খন মেচ জিকিছে আৰু পাকিস্তানে ৭৩ খন মেচ জিকিছে । পাঁচখন খেল ফলাফল অবিহনে সমাপ্ত হৈছিল ।
নিউজীলেণ্ড-
২ মাৰ্চত ভাৰত আৰু নিউজীলেণ্ডৰ মাজত এখন খেল অনুষ্ঠিত হ’ব । দুয়োটা দলে চেম্পিয়নছ ট্ৰফীত মাত্ৰ এবাৰহে মুখামুখি হৈছে । ২০০০ চনত খেলা সেই মেচখনত নিউজীলেণ্ডে ভাৰতক চাৰি উইকেটত পৰাস্ত কৰিছিল । আই চি চি প্ৰতিযোগিতাত কিৱিৰ বিৰুদ্ধে ভাৰতৰ অভিলেখ সন্তোষজনক নহয় । ২০২৩ চনৰ এদিনীয়া বিশ্বকাপতহে ভাৰতে কিৱি দলক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল । অন্যথা বেছিভাগ সময় নিউজীলেণ্ডে আধিপত্য বিস্তাৰ কৰি আহিছে । দুয়োটা দলে আই চি চি প্ৰতিযোগিতাত মুঠ ২২ বাৰ মুখামুখি হৈছে । ইয়াৰে টিম ইণ্ডিয়াই মাত্ৰ ৬খন মেচত জয়লাভ কৰাৰ বিপৰীতে নিউজীলেণ্ডে ১৫খন মেচত জয়লাভ কৰিছে। এখন মেচ ড্ৰ’ হৈছিল ।
সীমিত অভাৰৰ আই চি চি টুৰ্ণামেণ্টৰ মেচত নিউজীলেণ্ডৰ হাতত ভাৰতৰ অন্তিমটো পৰাজয় আছিল ২০২১ চনত, টি-২০ বিশ্বকাপত । এই মেচত ডুবাইত নিউজীলেণ্ডে ভাৰতক ৮ উইকেটত পৰাস্ত কৰিছিল । মুঠৰ ওপৰত ভাৰত আৰু নিউজীলেণ্ডৰ দল দুটাই এদিনীয়াত মুঠ ১১৮ বাৰ মুখামুখি হৈছে । ইয়াৰে ভাৰতে ৬০খন মেচত জয়ী হোৱাৰ লগতে কিৱি দলে ৫০খন মেচত জয়লাভ কৰিছে । এখন মেচ টাই হৈছিল, আনহাতে ৭খন মেচৰ কোনো ফলাফল ওলোৱা নাছিল ।
বাংলাদেশ-
২০ ফেব্ৰুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে এখন খেলৰ জৰিয়তে ভাৰতে চেম্পিয়নছ ট্ৰফীত অভিযান আৰম্ভ কৰিব । দুয়োটা দলে আই চি চি প্ৰতিযোগিতাত মুঠ ১৭ বাৰ মুখামুখি হৈছে । ইয়াত ভাৰতীয় দলে আধিপত্য বিস্তাৰ কৰিছে । টিম ইণ্ডিয়াই ১৭খন খেলৰ ভিতৰত ১৬খন খেলত জয়ী হোৱাৰ লগতে এখনত পৰাস্ত হৈছে । দুয়োটা দল চেম্পিয়নছ ট্ৰফীত মাত্ৰ এবাৰহে মুখামুখি হৈছে । ২০১৭ চনত বাৰ্মিংহামত খেলা সেই মেচখনত ভাৰতীয় দলটোৱে ৯ উইকেটত জয়লাভ কৰিছিল ।
আই চি চি টুৰ্ণামেণ্টত ভাৰতীয় দলৰ একমাত্ৰ পৰাজয় ২০০৭ চনৰ এদিনীয়া বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে আছিল । সেই সময়ত প’ৰ্ট অৱ স্পেইনত ভাৰতক ৫ উইকেটত পৰাস্ত কৰে বাংলাদেশে ।