গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । ৰহস্যজনকভাৱে মৃত্যু হৈছে গুৱাহাটীৰ এখন অভিজাত ব্যক্তিগত বিশ্ববিদ্যালয়ত অধ্যয়নৰত এগৰাকী ছাত্ৰীৰ । লখৰাৰ নামঘৰ পথত সংঘটিত হৈছে এই ঘটনা ।
জানিব পৰা মতে মৃত যুৱতীগৰাকীৰ নাম এনিশা চেত্ৰী । যুৱতীগৰাকীৰ ঘৰ বিশ্বনাথ চাৰিআলিত । মহানগৰীৰ এখন ব্যক্তিগত উচ্চ শিক্ষানুষ্ঠান ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত অধ্যয়নৰত অৱস্থাত আছিল মৃত ছাত্ৰীগৰাকী । ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰী আছিল যুৱতীগৰাকী ।
তথ্য অনুসৰি নিজৰ ভগ্নীৰ সৈতে মহানগৰীত আছিল ছাত্ৰীগৰাকী । জানিব পৰা মতে কিছুদিন ধৰি মানসিকভাৱে ভাগি পৰিছিল যুৱতীগৰাকী । ইতিমধ্যে বশিষ্ঠ আৰক্ষীয়ে যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । প্ৰেমজনিত কাৰণতে যুৱতীগৰাকীয়ে চৰম পথ লোৱা বুলি সন্দেহ কৰা হৈছে । ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।