আকৌ এবাৰ ওড়িশাত সংঘটিত হৈছে এক বৃহৎ ৰে’ল দুৰ্ঘটনা । ইয়াত বেংগালুৰু-অসমৰ মাজত চলি থকা কামাখ্যা এক্সপ্ৰেছৰ ১১টা এচি ডবা ৰেলপথৰ পৰা লাইনচু্যত হয় । ইয়াৰ পিছতে যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয় । জানিব পৰা মতে চৌধৰ অঞ্চলৰ মংগুলি পেচেঞ্জাৰ হল্টৰ সমীপত ৰেলখন ৰেলপথৰ পৰা লাইনচ্যুত হয় । ইতিমধ্যে উদ্ধাৰ অভিযানৰ বাবে ঘটনাস্থলীলৈ NDRF আৰু চিকিৎসা দল প্ৰেৰণ কৰা হৈছে ।
আজি (৩০ মাৰ্চ) পুৱা ১১.৫৪ বজাত ওড়িশাৰ কটকৰ চৌদুৱাৰৰ সমীপত বেংগালুৰু-কামাখ্যা ছুপাৰফাষ্ট এক্সপ্ৰেছ ৰে’লখন ৰেলপথৰ পৰা লাইনচ্যুত হয় । ৰেলখনৰ ১১টা এচি ডবা ৰেলপথৰ পৰা লাইনচ্যুত হয়, তাৰ পিছতে নীলাচল এক্সপ্ৰেছ, ধৌলি এক্সপ্ৰেছ, পুৰুলিয়া এক্সপ্ৰেছৰ পথ ডাইভাৰ্ট কৰা হৈছে । ঘটনাস্থলীত সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত আছে । মেডিকেল টিম, এন ডি আৰ এফ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে । আৱদ্ধ যাত্ৰীসকলে যাতে নিৰাপদে গন্তব্যস্থানত উপস্থিত হয় তাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে ।
কি ক’লে ৰে’লৱেৰ বিষয়াই ?
ইষ্ট ক’ষ্ট ৰে’লৱেৰ চি পি আৰ অ’ অশোক কুমাৰ মিশ্ৰই কয় যে কামাখ্যা এক্সপ্ৰেছ (১৫৫৫১)ৰ কেইটামান ডবা ৰেলপথৰ পৰা লাইনচ্যুত হোৱাৰ তথ্য আমি লাভ কৰিছো । তেওঁ কয়, ‘এতিয়ালৈকে আমি তথ্য লাভ কৰিছো যে ১১টা এচি কোচ ৰেলপথৰ পৰা লাইনচ্যুত হৈছে । কোনো লোক আহত হোৱা নাই । সকলো যাত্ৰী সুৰক্ষিত আছে । আমি যিমানদূৰ তথ্য লাভ কৰিছো, দুৰ্ঘটনা সাহায্য ৰেল, জৰুৰীকালীন চিকিৎসা সঁজুলি প্ৰেৰণ কৰা হৈছে ।‘
চি পি আৰ অ’ই জনোৱা মতে, ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াসকলো সেই স্থানত উপস্থিত হৈছে । ডি আৰ এম খুৰদা ৰোড, জি এম/ইক’ৰকে ধৰি অন্যান্য জ্যেষ্ঠ পৰ্যায়ৰ বিষয়াসকলে স্থানত উপস্থিত হৈছে । তেওঁ কয় যে তদন্তৰ পিছতহে এই ঘটনা কেনেকৈ সংঘটিত হ’ল সেই কথা জানিব পৰা যাব । আমাৰ প্ৰথম অগ্ৰাধিকাৰ হ’ল পথটোত ৰৈ থকা ৰে’লবোৰক ডাইভাৰ্ট কৰি পুনৰুদ্ধাৰৰ কাম আৰম্ভ কৰা ।
ৰেলৱে আৰু ওড়িশা চৰকাৰৰ সৈতে যোগাযোগত আছো- মুখ্যমন্ত্ৰী ড০ শৰ্মাঃ
কামাখ্যা এক্সপ্ৰেছ ৰেলপথৰ পৰা লাইনচ্যুত হোৱা সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘ওড়িশাৰ ১২৫৫১ কামাখ্যা এক্সপ্ৰেছৰ সৈতে জড়িত ঘটনাৰ তথ্য পাইছো । অসমৰ চি এম অ’ ওড়িশা চৰকাৰ আৰু ৰে’লৱেৰ সৈতে যোগাযোগত আছে । ক্ষতিগ্ৰস্ত সকলোৰে সৈতে আমি যোগাযোগ কৰিম ।