পুনৰ গুৰু- শিষ্যৰ সম্পৰ্কত লাগিল কালিমা। গুৰু- শিষ্যৰ সম্পৰ্কত কালিমা সানিলে এগৰাকী শিক্ষকে। বিদ্যালয়ত ছাত্ৰীক যৌন নিৰ্যাতন চলাই ৰঙাঘৰত সোমাল এগৰাকী শিক্ষক। বাক্সা জিলাৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত বগুলামাৰীত সংঘটিত হৈছে এই লজ্জাজনক ঘটনাটো। অভিযোগ অনুসৰি বাক্সা জিলাৰ বগুলামাৰী আঞ্চলিক হাইস্কুলৰ সহকাৰী শিক্ষক লীলাধৰ পাঠকে দীৰ্ঘদিন ধৰি পঢ়ুৱাৰ চলেৰে বিদ্যালয়ত বহু কেইগৰাকী ছাত্ৰীক চলাই আহিছিল যৌন নিৰ্যাতন। যাৰ পৰিপ্ৰেক্ষিতত দুগৰাকী ছাত্ৰীৰ অভিভাৱকে ঘটনা সন্দৰ্ভত শিক্ষকগৰাকীৰ বিৰুদ্ধে অভিযোগ দিছিল বিদ্যালয়সমূহৰ পৰিদৰ্শকক । পিচত ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে বৰবৰী আৰক্ষীয়ে শিক্ষক লীলাধৰ পাঠকক নলবাৰী জিলাৰ দৌলাশালৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি ৰঙাঘৰৰ আলহী শিক্ষক লীলাধৰ পাঠক। উল্লেখ্য যে কবি, সাহিত্যিক হিচাপে জহাই ফুৰা এইগৰাকী শিক্ষকৰ বিৰুদ্ধে পূৰ্বেও এনে বহু অভিযোগ উত্থাপিত হৈছিল।
